গাজাত সম্পূৰ্ণ যুদ্ধবিৰতি বিচাৰিছে মালালাই

গাজাত সম্পূৰ্ণ যুদ্ধবিৰতি বিচাৰিছে মালালা ইউছুফজাই। শান্তিৰ নোবেল বঁটা লাভ কৰা পাকিস্তানী সমাজ কৰ্মী মালালা ইউছুফজাই ১৫ বছৰ বয়সতে তালিবানৰ কাৰণে দেশ এৰি পলায়ন কৰে। এইবাৰ তেওঁ অস্থায়ী যুদ্ধবিৰতিত সকাহ পাইছে। অৱশ্যে সম্পূর্ণ যুদ্ধবিৰতিক লৈ প্রশ্নও উত্থাপন হৈছে৷ কাৰণ ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে পুনৰ আক্ৰমণৰ সংকেত দিছে। ফলত মালালা আতংকিত হৈ পৰিছে। তেওঁ কয় যে গাজাত খাদ্য আৰু খোৱাপানীৰ নাটনি হৈছে। পুনৰ যুদ্ধ আৰম্ভ হ’লে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব। এই দুখ-কষ্টৰ অন্ত পৰিব লাগে।মালালাই এক্সত যুদ্ধবিৰতিৰ আহ্বান জনাইছে । তেওঁ কয় যে তেওঁ গাজাৰ শিশুসকলৰ সুৰক্ষা দিয়াটো বিচাৰে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment