Daily Time Axom

অসম গোঁৰ্খা সন্মিলন মাৰ্ঘেৰিটা জিলাৰ উদ্যোগত তিহাৰ উৎসৱ উদযাপন

0 40

অসম গোঁৰ্খা সন্মিলন মাৰ্ঘেৰিটা জিলাৰ উদ্যোগত ও মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত সমূহ গোৰ্খা জনগোষ্ঠীয় ৰাইজৰ সহযোগত আজিৰে পৰা মাৰ্ঘেৰিটাৰ মহকুমাৰ অন্তৰ্গত কেটেটং জনজাতি হাইস্কুলৰ খেলপথাৰত দুদিনীয়াকৈ অনুষ্ঠিত হয় গোঁৰ্খা জনগোষ্ঠীৰ অন্যতম উৎসৱ তিহাৰ । বন্তি প্ৰজ্বলনেৰে আজি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম গোৰ্খা সন্মিলনৰ সম্পাদক শিৱলাল শ্ৰেষ্ট, পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ মুল বিষয়ববিয়া
এম বাহাদুৰ ছেত্ৰী, দেৱী থাপা, সূৰ্য য়ঞ্জনে ৷৷

পৰম্পৰা ৰক্ষা কৰি অসম গোঁখা সন্মিলন মাৰ্ঘেৰিটা জিলা সমিতিয়ে আয়োজন কৰা তিহাৰ উৎসৱক লৈ জনগোষ্ঠীটোৰ মাজত যথেষ্ট উল্লাহ দেখিবলৈ পোৱা গল ৷ সাংস্কৃতিক সৰাৰোহ কাৰ্যসূচীত মহিলা/ যুৱতী সকলে দেউচি আৰু ভৈলী নৃত্যৰে পৰিৱেশ মুখৰিত কৰি তুলা দেখা গল ৷৷ অহাকালিৰ সাংস্কৃতিক অনুষ্ঠানৰ মূল আকৰ্ষন ২০১৪ ৰ ” ছা ৰে গা মা পাৰ ” জনপ্ৰীয় কন্ঠশিল্পী চাইৰাজ ক্ষত্ৰী ৷৷ লগত থাকি কন্ঠশিল্পী স্মৃতা প্ৰদান ৷৷ উদযাপন সমিতিয়ে ৰাইজৰ সহযোগ কামনা কৰিছে ৷৷

মাৰ্ঘেৰিটাৰ পৰা প্ৰতীক ছেত্রী ৰিপৰ্ট

Leave A Reply

Your email address will not be published.