ৰাজস্থানত আৰম্ভ হৈছে ভোটগ্ৰহণ। দিনটোত মুঠ ২০০টা বিধানসভা সমষ্টিত ১৯৯খন আসনৰ ভোটগ্ৰহণ চলি আছে। কৰণপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গুৰমীত সিং কুনুৰৰ মৃত্যু হোৱা বাবে এই সমষ্টিত ভোটগ্ৰহণ স্থগিত ৰখা হৈছে। ৩ ডিচেম্বৰত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব বুলি জানিব পৰা গৈছে । সেইদিনাই মধ্যপ্ৰদেশ, ছত্তীশগড়, মিজোৰাম আৰু তেলেংগানাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলো ঘোষণা কৰা হ’ব। ৰাজস্থানত যাদুকৰী সংখ্যা ১০১। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে ভোট দিবলৈ আহ্বান জনাইছে ।
মুখ্যমন্ত্রী অশোক গেহলট, শচীন পাইলট, প্রাক্তন মুখ্যমন্ত্রী বশুন্ধৰা ৰাজে সিন্ধিয়া, প্রাক্তন অলিম্পিয়ান তথা সাংসদ ৰাজ্যবর্ধন সিং ৰাথোৰৰ দৰে হেভিৱেটৰ ভাগ্য নিৰ্ণয় হ’ব৷ ৰাজস্থানত নিৰ্বাচন ঘোষণা কৰাৰ পিছৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, জে পি নাড্ডা আৰু ৰাজনাথ সিঙে নিৰ্বাচনী প্ৰচাৰ চলাই আহিছে। ৰাহুল আৰু প্ৰিয়ংকা গান্ধী, মল্লিকাৰ্জুন খৰ্গেই ক্ষমতা অক্ষুণ্ণ ৰখাৰ অভিযানত নিৰ্বাচনী প্ৰচাৰ চলায়।
প্ৰসংগক্ৰমে ১৯৯৩ চনৰ পিছত ৰাজস্থানত একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে কোনো দলে চৰকাৰত অধিষ্ঠিত হোৱা নাই। গতিকে পৰম্পৰা ভংগ কৰাৰ প্ৰত্যাহ্বান আছে কংগ্ৰেছৰ সন্মুখত। আনহাতে ৰাজস্থান দখল কৰিবলৈ হতাশ হৈ পৰিছে বিজেপি। ৫ কোটি ২৬ লাখ ৯০ হাজাৰ ১৪৬ ভোটাৰে মৰুভূমিত ভোটদান কৰিব। মুঠ প্ৰাৰ্থীৰ সংখ্যা ১৮৭৫ জন। ১৮৩ গৰাকী মহিলা প্ৰাৰ্থী। মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হ’ল ৫১,৫০৭টা। পুৱা সাত বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ। সন্ধিয়া ৬ বজালৈ চলি থাকিব।