কাইলৈ গুৱাহাটী পাবহি ৰাজস্থানৰ শ্ৰীছালচৰ ধামৰ অক্ষয়জ্যোতি কঢ়িয়াই অনা বাহন
কামাখ্যা – গোশালা -লাচিত নগৰ – খৃষ্টিয়ান বস্তি – গণেশগুৰিৰত ব্যাপক আদৰণি পৰ্বৰ আয়োজন
গণেশগুৰিৰ গণেশ মন্দিৰ ন্যাস সমিতিৰ উদ্যোগত শ্ৰী শ্ৰী গণেশ উদ্যানৰ নৱ নিৰ্মিত শ্ৰী শ্ৰী হনুমান মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ উপলক্ষে
ৰাজস্থানৰ শ্ৰীছালচৰ ধামৰ পৰা অক্ষয়জ্যোতি কঢ়িয়াই অনা বাহন সহ ভক্তৰ দলটো কাইলৈ (২৬ নবেম্বৰ , ৰবিবাৰ )
গুৱাহাটীত আহি উপস্থিত হ’ব।
পাচ দিনজোৰা যাত্ৰাৰ অন্তত তথা বিভিন্ন ৰাজ্যৰ মঠ -মন্দিৰ পৰিদৰ্শন কৰি গুৱাহাটীত আহি উপস্থিত হ’বলগীয়া অক্ষয়জ্যোতি কঢ়িয়াই অনা বাহন আৰু ভক্ত সকলক আদৰিবলৈ মহানগৰীৰ ঠায়ে ঠায়ে চলিছে ব্যাপক আয়োজন ।
কাইলৈ পুৱা ৭-৩০ বজাত অক্ষয়জ্যোতি কঢ়িয়াই অনা বাহন খন প্ৰৱেশ কৰিব মা কামাখ্যা মন্দিৰত। ইয়াত আৰতি প্ৰদান কৰাৰ পাছত
পুৱা ৯ বজাত বাহন খন
গোশালাত প্ৰৱেশ কৰিব।
ভক্ত সকলৰ বাবে তাত অক্ষয়জ্যোতি দৰ্শনৰ ব্যবস্থা কৰা হৈছে। আনহাতে
কেবাটাও সামাজিক – ধাৰ্মিক অনুষ্ঠান তথা দল – সংগঠনেও গো-শালাত অক্ষয়জ্যোতি কঢ়িয়াই অনা দলটোক আদৰিব আৰু আৰতি দিব।
পুৱা ১০-৩০ বজাত বাহন খন
আহি উপস্থিত হ’ব লাচিত নগৰৰ হনুমান মন্দিৰত। ইয়াতো আৰতি তথা পুজা অৰ্চনাৰ আয়োজন কৰা হ’ব।
১১-১৫ বাহন খন প্ৰৱেশ কৰিব খৃষ্টিয়ান বস্তিৰ ভজনকা বিল্ডিঙত।
তাৰ পৰা ১১-৪৫ ত বাহন খন গণেশগুৰি চাৰিআলিত আহি উপস্হিত হ’ব। ইয়াত গণেশ মন্দিৰ ন্যাস সমিত আৰু হনুমান মন্দিৰ সমিতিয়ে ফুলৰ চাদৰৰে অক্ষয়জ্যোতি কঢ়িয়াই অনা বাহনখনক আদৰণি জনাই নৱ নিৰ্মিত হনুমান মন্দিৰলৈ আদৰি আনিব।
ৰাজস্থানৰ শ্ৰীছালচৰ ধামৰ অক্ষয়জ্যোতি কঢ়িয়াই অনা বাহনৰ এই আদৰণি পৰ্বৰ সকলো কাৰ্যসূচীতে ভক্ত প্ৰাণ ৰাইজৰ লগতে ধাৰ্মিক -সামাজিক অনুষ্ঠানৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে হনুমান মন্দিৰ সমিতিৰ বিষয়ববীয়া ৰঞ্জিত বৰ্মন আৰু অমিত গোয়েলে ।
উল্লেখ্য যে গণেশগুৰিৰ হনুমান মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ ২৩ নৱেম্বৰৰ পৰা ২৭ নবেম্বৰলৈ পাচ দিনীয়া কাৰ্যসূচীৰে অব্যাহত আছে।
২৭ নবেম্বৰত
গণেশগুৰিৰ শ্ৰী শ্ৰী হনুমান মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব।
প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ উপলক্ষে পুজা প্ৰাংগনত প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নাগাৰা নাম দলৰ নাম প্ৰসংগ আৰু ভজন কীৰ্তন,আদি অনুষ্ঠান অনুষ্ঠিত হৈ আছে।