তেলেংগানাত পৰিৱৰ্তনৰ আহ্বান অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেলেংগানাত নিৰ্বাচনী প্ৰচাৰৰ সময়ত কয় যে বিগত ১০ বছৰে তেলেংগানাত কোনো অগ্ৰগতি হোৱা নাই। খোদ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও দুৰ্নীতিৰ সৈতে জড়িত। তেওঁ তেলেংগানাৰ জনসাধাৰণৰ বাবে একো নকৰিলে। তেলেংগানাৰ জনসাধাৰণে অহা ৩০ নৱেম্বৰত বি আৰ এছ চৰকাৰৰ পৰা মুক্তি পাব বুলিও কয়। যুৱক-যুৱতী, কৃষক, দলিত আৰু পিছপৰা মানুহে এই চৰকাৰৰ পৰা একো পোৱা নাই। এসময়ত দেশৰ উন্নয়নৰ শিখৰত থকা ৰাজ্যখন এতিয়া বহু পিছ পৰি আছে। অমিত শ্বাহে আৰু কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি কয় তাকেই কৰে। ৰাম মন্দিৰৰ পৰা আৰম্ভ কৰি বিজেপি চৰকাৰে ৩৭০ অনুচ্ছেদলৈকে নিজৰ কথা ৰাখিছে। অমিত শ্বাহে কয় যে আমি দেশৰ উন্নয়নৰ বাবে ভোট দিব লাগে। তেলেংগানাত বিজেপি ক্ষমতালৈ আহিলে প্ৰতিজন দুৰ্নীতিগ্ৰস্তক জেলত ভৰোৱা হ’ব। কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰে একেলগে কাম কৰিলেহে সমগ্ৰ দেশৰ উন্নতি হ’ব। তেলেংগানাৰ জনসাধাৰণৰ বাবে বি আৰ এছে যি কৰিব নোৱাৰিলে সেয়া বিজেপিয়ে কৰিব।

AssamAssamese NewsDaily time axomGuwahatiIndia
Comments (0)
Add Comment