মৰিগাঁও জৱাহৰ নৱোদয় বিদ্যালয়ে ২৫ টা বৰ্ষত ভৰি দি দুদিনীয়াকৈ উৎযাপন কৰিছে ৰূপালী জয়ন্তী উৎসৱ ৷
আনহাতে মৰিগাঁও জৱাহৰ নৱোদয় বিদ্যালয়খনে বিগত ২৫ বছৰজোৰা শৈক্ষিক যাত্ৰাকালত শতাধিক মানৱ সম্পদ গঢ় দিয়াৰ লগতে মৰিগাঁৱৰ গৌৰৱময় শৈক্ষিক পৰিবেশ কঢ়িয়াই অনা বিদ্যালয়খনে এই বৰ্ণাঢ্য ৰূপালী জয়ন্তী মহোৎসৱৰ সেতুবন্ধন উপলক্ষে ঐক্যম নামৰ এখনি স্মৃতি গ্ৰন্থ প্ৰকাশ কৰি আজি আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয় ৷
২৫ আৰু ২৬ নৱেম্বৰত অনুস্থিত হোৱা এই কাৰ্য্যসুচীত ভাগ লয় বিদ্যালয়ৰ ছাত্ৰছাত্ৰী, প্ৰাক্তন ছাত্ৰছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগতে গুৱাহাটীৰ বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে মনোজ গোস্বামী ,সাংবাদিক শৈলেন্দ্ৰ পাণ্ডে,মৰিগাঁৱৰ জেষ্ঠ সাংবাদিক দালিম ফুকন, অজিত শৰ্মাকে ধৰি বহুকেইজন গণ্যমান্য ব্যক্তি৷
মৈৰাবাৰীৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট ।