উত্তৰ গুৱাহাটীত অনুষ্ঠিত একুৱেটিক চেম্পিয়নশ্বিপৰ উদ্বোধনী অনুষ্ঠান

আগন্তুক লোক সভা নিৰ্বাচনত এখন নহয় , কেইবাখনো আসনত জয় লাভৰ সপোন দেখিছে বিজেপিৰ মিত্ৰদল অগপই । এটা এটা সমষ্টিৰ হিছাপ আঙুলি মূৰত দিলে । ডিব্ৰুগৰ , গুৱাহাটী, তেজপুৰ , বৰপেটা আৰু লক্ষীমপুৰ । উত্তৰ গুৱাহাটীত অনুষ্ঠিত হোৱা একুৱেটিক চেম্পিয়নশ্বিপৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি সাংবাদিকৰ আগত পাঁচোটাকৈ সাংসদীয় সমষ্টিত জয়ৰ নিশ্চিতি দিলে অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই । বি জে পিৰ বিগ ব্ৰাডাৰ অগপই লোক সভা নিৰ্বাচনত কেইখন আসনত প্ৰতিদণ্ডিতা কৰাৰ সুযোগ পাই , সেয়া নিশ্চিত নহয় । কিন্তু, লোকসভাত তেওঁলোকৰ সদস্য থকাটো নিশ্চিত । আজি উত্তৰ গুৱাহাটী ৰজাদূৱাৰত, কামৰূপ জিলা ভিত্তিত অনুষ্ঠিত সাঁতোৰ প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰি অগপৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াৰ এই বিষ্ফোৰক মন্তব্য । কামৰূপ জিলা ছুইমিং এচ’ছিয়েশ্বনৰ উদ্যোগত আৰু মাধৱ দেৱ স্পৰ্টচ একাডেমীৰ সহযোগত “AQUATIC CHAMPIONSHIP 2023 ” শীৰ্ষক সাঁতোৰ প্ৰতিযোগিতাখনিত শ্ৰেষ্ঠ বিবেচিত সকলক মেডেল আৰু ট্ৰফীৰে পুৰস্কিত কৰা হব । চাৰিটা ইভেণ্টৰ খেলখনিত কামৰূপ জিলাৰ কেইবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে। অসম সাঁতোৰ সন্থাৰ সম্পাদক ভাস্কৰ জ্যোতি দাসে প্ৰতিযোগী সকলক অভিনন্দন জনাই কয় যে কামৰূপত ক্ৰীড়াৰ জাগৰণ হৈছে আৰু অসমৰ অধিকাংশ সাঁতোৰবিদ উত্তৰ গুৱাহাটীৰ ।

লয়াৰ আছাম ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট।

AssamAssamese NewsDaily time axomGuwahatiIndia
Comments (0)
Add Comment