মাজুলীৰ এখন গাঁৱত শেষবাৰৰ বাবে চলিছে ৰাসৰ প্ৰস্তুতি

মাজুলীৰ এখন গাঁৱত শেষবাৰৰ বাবে চলিছে ৰাসৰ প্ৰস্তুতি। সত্ৰনগৰী মাজুলীত এতিয়া ৰাসৰ ব‍্যাপক প্ৰস্তুতি। পিছে তাৰ সমান্তৰালকৈ মাজুলীৰ এখন গাঁৱৰ ৰাইজৰ মনত এতিয়া বিষাদ। কিন্তু কিয় জানেনে? মাজুলীৰ ৰাস উৎসৱলৈ মাজত মাত্ৰ এটা দিন বাকী। ব্যস্ত কলা কুশলী, অভিনয় শিল্পীসকল। খোল, তাল, বাঁহীৰ সুৰৰ ধ্বনিৰে এতিয়া উন্মাদ মাজুলীৰ আকাশ বতাহ। ইতিমধ্যে ৰাস উদযাপনৰ বাবে সাজু হৈ উঠিছে ৬৫ খন ৰাস মঞ্চৰ লগতে ১২খনকৈ সত্ৰ। কিন্তু মাজুলীৰ প্ৰথমটো দ্বৈত ৰাস মঞ্চত শেষ বাৰলৈ অনুষ্ঠিত হ’ব ৰাস। সেয়ে অভিনেতা, কলা কুশলীসকলৰ লগতে গাঁওবাসীৰ মাজত ৰাসৰ আনন্দ মাজতেই বিষাদৰ ছাঁ। মাজুলীৰ পটিয়া গাঁও আইদেউ সন্দিকৈ ৰাস মঞ্চত শেষ বাৰৰ বাবে অনুষ্ঠিত হ’ব ৰাস। কিয়নো মাজুলী যোৰহাট সংযোগী দলঙৰ ৰাষ্টীয় ঘাইপথ নিৰ্মাণৰ বাবে আইদেউ সন্দিকৈ ৰাস মঞ্চটো ভঙাকলৈ সকলো গাঁওবাসী তথা অঞ্চলবাসীৰ মনত বিষাদ। এই বৰ্ষ ৰাস উদযাপনৰ বাবে প্ৰস্তুতি চলিছে যদিও ২০২৪ বৰ্ষৰ পৰা এই মঞ্চত আৰু ৰাস অনুষ্ঠিত কৰিব নোৱাৰিব। মাজুলীবাসীৰ বহু আকাংক্ষিত দলংখনৰ বাবেই এতিয়া অঞ্চলবাসীয়ে যেন ত‍্যাগ কৰিছে অতীজৰে পৰা ৰাস অনুষ্ঠিত কৰি অহা মঞ্চটিৰ

AssambollywoodDaily time axomDeathGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment