Daily Time Axom

তামুলপুৰত দৰঙা গোৰ্খা সাংস্কৃতিক মঞ্চৰ উদ্যোগত তিহাৰ বিদায় সমাৰোহ আয়োজন

0 31

তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী দৰঙামেলাৰ শশীপুৰত দৰঙা গোৰ্খা সাংস্কৃতিক মঞ্চৰ উদ্যোগত দিনযোৰা কাৰ্য্যসুচীৰে তিহাৰ বিদায় সমাৰোহ আয়োজন কৰা হয়। কাৰ্য্যসুচী অনুসৰি ৰাতিপুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন কৰাৰ পিছতে দিনৰ ভাগত বিভিন্ন কাৰ্য্যসুচী ৰুপায়ন হোৱাৰ পিছতে সন্ধিয়া ৬ বজাৰ লগে লগে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হয় সাংস্কৃতিক সন্ধিয়া উদ্ধোধন কৰে গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাঙে। উক্ত অনুষ্ঠানত দেউচী, ভৈলী, সংগীনী প্ৰদৰ্শন কৰা হয়। লগতে দাৰ্জিলিঙৰ পৰা আমন্ত্রণ কৰি অনা কণ্ঠশিল্পী সুৰক্ষা চেনচুৰিৰ লগতে স্থানীয় কণ্ঠশিল্পী আশীষ চক্রবৰ্তী আৰু পুষ্প পাঠকে গীত পৰিৱেশন কৰে। অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম গোৰ্খা ছাত্র সন্থাৰ সভাপতি অৰ্জুন ছেত্ৰী, সদৌ অসম গোৰ্খা ছাত্র সন্থা তামুলপুৰ জিলা সমিতিৰ সভাপতি ৰাজু সুৱেদী, অসম গোৰ্খা সন্মিলন তামুলপুৰ জিলা সমিতিৰ সভাপতি নৰেণ কাৰ্কী, সাধাৰণ সম্পাদক লোক বাহাদুৰ চুব্বা, ভাৰতীয় জনতা পার্টি তামুলপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক কৰণ ছেত্ৰী, গোৰ্খা উন্নয়ন পৰিষদৰ সদস্য মহেন্দ্র ৰাই, শশীপুৰত অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী যুৱৰাজ প্ৰধানৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু সহস্ৰাধিক গোৰ্খা ৰাইজ উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.