Daily Time Axom

মূখ্যমন্ত্ৰীৰ সমষ্টিৰ শিলভড়াল গাৱঁত ভয়ংকৰ ঘটনা

0 31

মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীত সংঘটিত হ’ল এক ভয়ানক কাণ্ড। সমষ্টিৰ অন্তৰ্গত শিলভড়াল গাৱঁত ভূমি বিবাদেই ললে এক ভয়ংকৰ ৰূপ। ভূমি বিবাদৰ বাবেই হত্যাৰ অপচেষ্টা অহেদৰ ৰহমান নামৰ এজন ব্যক্তিক। ৰাজপথত আগছি ধৰি হেলমেটেৰে প্ৰহাৰ অহেদৰ ৰহমানক। হেলমেটেৰে মাৰি তথা গুৰিয়াই লঠিয়াই ঘুচিয়াই গুৰুতৰ ভাৱে আঘাট কৰি অচেতন অৱস্থাত পেলাই থৈ যায় ৰাজপথত।
চাংসাৰিৰ ৰিবুল আলি নামৰ এজন ব্যক্তিয়ে এই ঘটনা সংঘতিত কৰাৰ অভিযোগ ভুক্তভোগীৰ।
পূৰ্বৰে পৰা অহেদৰ ৰহমানক হত্যাৰ ভাবুকি দি অহাৰ অভিযোগ তুলিলে ৰিবুল আলী নামৰ লোকজনৰ বিৰুদ্ধে ।
ভুক্তভোগীৰ অভিযোগ মতে অহেদৰ ৰহমানক প্ৰাণে মৰাৰ অপচেষ্টা কৰি ঘটনাৰ নতুন ম’ৰ দিবলৈ চেষ্টা কৰিছিল আক্ৰমণকাৰী ৰিবুলে। ঘটনা সংঘটিত কৰি ৰিবুল আলীয়ে উক্ত ঘটনাক দুৰ্ঘটনাৰ ৰূপ দি চাংসাৰি আৰক্ষী থানাত গোচৰ ৰুজু কৰে। পিছত
অহেদৰ ৰহমান অচেতন অৱস্থাৰ পৰা সুস্থ হৈ উঠাতহে পোহৰলৈ আহে সমগ্ৰ ঘটনাৰ ৰহস্য ।
ইয়াৰ পিছতেই ভুক্তভোগী অহেদৰ ৰহমানেও চাংসাৰি আৰক্ষী থানাত সমগ্ৰ ঘটনা সন্দৰ্ভত বিবৰণ দি ৰুজু কৰে অন্য এক গোচৰ ।

Leave A Reply

Your email address will not be published.