মৈৰাবাৰী তাজ মহম্মদ খান মাধ্যমিক বিদ্যালয়ত আজি হিন্দুস্তান স্কাউড এণ্ড গাইডৰ জিলা সমিতি গঠন কৰিবলৈ এখনি সভা অনুষ্ঠিত কৰা হয়।
জিলা সমিতি গঠন কৰি সদস্য ভৰ্তি কাৰ্যসূচীত বিদ্যালয় খনৰ শিক্ষকৰ লগতে এশ গৰাকীৰো অধিক স্কাউড এণ্ড গাইডৰ অন্তৰ্গত ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।
শিক্ষক কমৰুজ জামানে আঁত ধৰা সভাখনত সভাপতিৰ দায়িত্ব পালন কৰে টি এম কে মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক ইৰফানুল হক চৌধুৰীয়ে।
আনহাতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে-হিন্দুস্তান স্কাউড এণ্ড গাইডৰ ৰাজ্যিক অধ্যক্ষ ছমৰ মজুমদাৰ,ৰাজ্যিক সাধাৰণ সম্পাদক দিলীপ চন্দ্ৰ দে, ৰাজ্যিক কোষাধ্যক্ষ কামনা ৰঞ্জন ৰয়,ৰাজ্যিক হেড কোৱাৰ্টাৰ কমিছনাৰ মনিশ গুছাল,স্কাউড মাষ্টৰ ৰহিত দেৱৰ লগতে সভাখনৰ পৃষ্ঠপোষক হিচাপে আগভাগ লয় স্কুলখনৰ সহকাৰী শিক্ষক নুৰ মূহম্মদ আৰু ৰিয়াজউদ্দিন আহমেদে।