Daily Time Axom

চুৰি হ’ল গাখীৰ

0 42

চলি আছে ৰাস । চুৰি হ’ল গাখীৰ । পিছে কলিৰ যুগত লৱণু বিছাৰি আহি, কোনে কৰিলে গাখীৰ চুৰি । ঘটনা উত্তৰ গুৱাহাটী মধুপুৰৰ । উত্তৰ গুৱাহাটীত ৰাসৰ মাজতে দুটাকে চুৰিকাণ্ড । মধুপুৰৰ ৰাজীব লেখাৰুৰ ঘৰৰ পদুলিত বহু বছৰৰ পৰা মজুত হয় গাখীৰৰ কাৰ্টন । কিন্তু,নিশা ৰাসলৈ আহি গাখীৰৰকাৰ্টনকে উঠাই নিলে অঘাইটং চোৰে । ইফালে ৰূদ্ৰেশ্বৰৰ গণেশ বৰুৱা বিয়ালৈ বুলি গৈছিল নলবাৰীলৈ । ঘৰত কোনো নথকাৰ সুযোগ লৈ ঘৰৰ দৰ্জা ভাঙি চোৰে চলালে লুটপাত। চোৰে নগদ ধনৰ লগতে ,লগত নিলে দুই এপদ সা সম্পত্তি । পিছে পদুলিত ৰাস চলি থকাৰ পিছতো, চোৰৰৰ এই লুটপাত অভিযানে বিপাঙত পেলালে উত্তৰ গুৱাহাটী আৰক্ষীক । দুদিন পুৰ্বে সমীপৰে ৰাজীৱ দাসৰ ঘৰৰ পৰা দুখনকৈ বাইক চুৰিৰ পিছত পুণৰ অভিযান চলালে চোৰে । যাৰবাবে উত্তৰ গুৱাহাটী গৌৰিপুৰ আৰক্ষীৰ নিষ্কিয়তাক লৈ এতিয়া ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে।

Leave A Reply

Your email address will not be published.