Daily Time Axom

হাটশিঙিমাৰীত অংগনৱাদী কৰ্মীৰ প্ৰতিবাদ

0 40

দক্ষিণ শালমাৰা মানকাচৰ জিলা আয়ুক্তক অভিযোগ

আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত ফেকামাৰী‌ শিশু উন্নয়ন প্ৰকল্পত কৰ্মৰত অংগনৱাদী কৰ্মী সকলে উপস্থিত হয় আৰু জিলা আয়ুক্তক এখন লিখিত অভিযোগ দাখিল কৰে।
উল্লেখ্য যে অভিযোগ মতে ফেকামাৰী শিশু সংশত উন্নয়ন প্ৰকল্প বিষয়া মাতুলী শইকীয়াই অংগনবাদী কেন্দ্ৰত আৱণ্টিত হোৱা চাউল ; মটৰ ; ডাল; খিজিৰি ;সুজি আৰু অন্যান্য সামগ্ৰী আদি সঠিকভাৱে আদায় নিদিয়ে আৰু লগতে বস্তুৰ পৰিপূৰ্ণ বিল আদায় নিদিয়ে বুলি অংগনৱাদী কৰ্মী সকলে অভিযোগ তুলিছে।এনেকি বয় বস্তু যোগান দিয়াৰ সময়ত কৰ্মী সকলৰ পৰা Blank ভাৱে চহী লয় আৰু চহী নিদিলে চাকৰি বৰ্খাস্ত কৰাৰ বাবে ভাবুকি প্ৰদান কৰে।
এনেকি তিনিসপ্তাহ আগতে উক্ত প্ৰকল্পৰ পৰা ডাল খিচুৰী চুৰি কৰি বিক্ৰী কৰাৰ বাবে লৈ যোৱা সময়ত খাৰুৱাবান্দা আৰক্ষীৰ আৰক্ষীয়ে উক্ত বস্তু বিলাক জব্দ কৰে আৰু এতিয়াও চুৰি হোৱা বস্তু সমুহ থানাত জমা আছে বুলি অভিযোগ কৰিছে।
উল্লেখ্য যে অংগনবাদী কৰ্মী সকলে SNP ৰ টকা উঠোৱলে গ’লে ছিডিপিও জনীয়ে হাৰাশাস্তি কৰে আৰু কোনোবাই প্ৰতিবাদ কৰিলে চাকৰি বৰ্খাস্ত কৰাৰ বাবে ভাবুকি প্ৰদান কৰে।
এই সন্দৰ্ভত আজি উক্ত প্ৰকল্পৰ অংগনৱাদী কৰ্মী সকলে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা আয়ুক্তক লিখিত অভিযোগ দাখিল কৰে আৰু বিষয়া জনীক বদলীৰ দাবী জনায়।

Leave A Reply

Your email address will not be published.