Daily Time Axom

সৰুপথাৰত ১ আৰু ২ ডিচেম্বৰত ৰামধেনু মুকলি মঞ্চত ২ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব ‘অসম দিৱস’

0 42

গোলাঘাটৰ সৰুপথাৰত ধনশিৰি টাই আহোম জনগোষ্ঠী উদ্যোগত সৰুপথাৰবাসী ৰাইজৰ সহযোগত অহা ১ আৰু ২ ডিচেম্বৰ তাৰিখে ৰামধেনু মুকলি মঞ্চত ২ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব ‘অসম দিৱস’ । ইতিমধ্যে উক্ত দিৱসটি উদযাপনৰ বাবে গঠন কৰা উদযাপন সমিতিৰ তত্বাৱধানত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।দিৱসটিৰ লগত সংগতি ৰাখি অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্রাংকন, কুইজ, ৰচনা আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে সৰুপথাৰত ”চুকাফা শিশু উদ্যান” আৰু ”চুকাফা প্ৰতিমুৰ্তি” উন্মোচন কৰিব । অনুষ্ঠানৰ মুকলি সভাত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, ৰাজ্য সভাৰ সাংসদ পৱিত্র মাঘেৰিটা সহ কেইবাটাও দল-সংগঠনৰ প্ৰতিনিধিৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট তথা আমন্ত্ৰিত ব্যক্তি উপস্থিত থাকিব ।
ইফালে নিশা লৈ অসমৰ জনপ্রিয় কন্ঠ শিল্পী জ্যোতিমালা বুঢ়াগোঁহাই, আচুৰ্য্য বৰপাত্ৰ গোহাঁই, লুহিত গগৈ, মন্টু গোহাঁই, প্ৰাণদ্বীপৰ লগতে কেইবাগৰাকীও শিল্পীয়ে গীত পৰিৱেশন কৰিব বুলি উদ্যোক্তা সমিতিয়ে জানিব লৈ দিয়ে ।

Leave A Reply

Your email address will not be published.