ইৰাকত পথৰ কাষত বোমা বিস্ফোৰণত নিহত ১০ জন , ১৪ জন আহত

ইৰাকৰ পূব ডায়ালা প্ৰদেশত বৃহস্পতিবাৰে সন্ধিয়া পথৰ কাষত বোমা আৰু বন্দুকধাৰীৰ আক্ৰমণত ১০ জন লোক নিহত হোৱাৰ লগতে ১৪ জন আহত হয়।

জানিব পৰা মতে, অমৰানিয়া চহৰৰ সমীপত সংঘটিত এই আক্ৰমণত স্থানীয় এজন সাংসদৰ আত্মীয়ক লক্ষ্য কৰি লোৱা হৈছিল। অচিনাক্ত আক্ৰমণকাৰীয়ে পথৰ কাষত দুটা বোমা বিস্ফোৰণ কৰাৰ লগতে স্নাইপাৰৰ গুলীৰেও আক্ৰমণ কৰে। আক্ৰমণৰ সম্ভাৱ্য উদ্দেশ্য সন্দৰ্ভত কোনো সবিশেষ জানিব পৰা হোৱা নাই।

এই আক্ৰমণৰ পিছতে নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত সান্ধ্য আইন জাৰি কৰে।

AssamAssamese NewsDaily time axomIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment