Daily Time Axom

তেজপুৰৰ পৰা স্পীড বোটেৰে শিলঘাটলৈ আহিল বিদেশী পৰ্যটক

0 31

অসমত নদী পৰ্যটনলৈ আহিছে ভাবুকি । ব্ৰহ্মপুত্ৰ নদী শুকাই যোৱাৰ ফলত আহিছে এই ভাবুকি । সাধাৰণতে বিদেশী পৰ্যটক গুৱাহাটীৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুয়েদি বিলাসী জাহাজৰে ভ্ৰমণ কৰে উজনীলৈ । বিলাসী জাহাজৰে অহা পৰ্যটকে কলিয়াবৰৰ শিলঘাটত অৱস্থান কৰি অসম সমবায় মৰাপাট কল , কলিয়াবৰ চাহ বাগিচা দৰ্শন কৰি উপভোগ কৰে বিহু নৃত্য । আজিও M V mahabahu এ আহিছিল এটি একৈশ জনীয়া পৰ্য্যটকৰ দল । পিছে পৰ্য্যটকৰ দলটো বিলাসী জাহাজ খনৰে আহি উপস্থিত হ’ব নোৱাৰিলে শিলঘাটত । ব্ৰহ্মপুত্ৰত পানী কম হোৱাৰ বাবে জাহাজখন তেজপুৰতে এৰি স্পীড বোটৰে আহি উপস্থিত হ’লহি শিলঘাটত । শিলঘাটৰ কাৰ্যসূচী সমাপন কৰি পৰ্য্যটকৰ দলটি পুনৰ স্পীড বোটৰে নিশা কটাবৰ বাবে উভতি যায় তেজপুৰত এৰি অহা M V Mahabahu জাহাজলৈ । ব্ৰহ্মপুত্ৰৰ পানী অস্বাভাবিক ভাবে শুকুৱাক লৈ চিন্তিত হৈছে প্ৰকৃতি প্ৰেমী,নদী পৰ্যটনলৈ ক্ৰমাৎ ই কঢ়িয়াই আনিছে ভাবুকি ।

Leave A Reply

Your email address will not be published.