পুৱা সাত বজাত বেংগালুৰু চহৰৰ ১৩খন বিদ্যালয়ত বোমাতংক। শুকুৰবাৰে পুৱা এটা বেনামী ইমেইলযোগে এই ভাবুকি দিয়া বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
ইমেইলটোত দাবী কৰা হৈছে যে বিদ্যালয়ৰ চৌহদত বিস্ফোৰক সামগ্ৰী ৰখা হৈছে। এই ইমেইল পোৱাৰ পিছত ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয় কৰ্তৃপক্ষই আতংকিত হৈ পৰে। লগে লগে বিদ্যালয়সমূহ খালী কৰা হয়। আৰক্ষীক খবৰ দিয়া হয়।
সম্প্ৰতি আৰক্ষীয়ে বিভিন্ন বিদ্যালয়ত তালাচী অব্যাহত ৰাখিছে। কিন্তু এতিয়ালৈকে কোনো এখন বিদ্যালয়তে কোনো বিস্ফোৰক বা কোনো সন্দেহজনক বস্তু উদ্ধাৰ হোৱা নাই। বিদ্যালয়সমূহত উপস্থিত হৈছে বোমা নিষ্কাশন দল। প্ৰসংগক্ৰমে যোৱা বছৰ বেংগালুৰুৰ সাতখন বিদ্যালয়ে এনে ভাবুকিপূৰ্ণ ইমেইল লাভ কৰিছিল। কিন্তু কোনো বিস্ফোৰক বা সন্দেহজনক সামগ্ৰী পোৱা নগ’ল। আৰক্ষীৰ সূত্ৰ অনুসৰি এই ভাবুকি ইমেইলটো বাছেশ্বৰ নগৰৰ নেপাল আৰু বিদ্যাশিল্পকে ধৰি সাতখন বিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰে এখন বিদ্যালয়ো কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ বাসগৃহৰ ঠিক বিপৰীতে অৱস্থিত। ইয়াৰ কিছু সময়ৰ পাছতে আন কেইবাখনো শিক্ষানুষ্ঠানে ইমেইলযোগে একেধৰণৰ ভাবুকি লাভ কৰে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে বেংগালুৰু আৰক্ষীয়ে সকলো বিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অশিক্ষক কৰ্মচাৰীক উলিয়াই আনিছিল। আৰক্ষীয়ে প্ৰথমে ধৰি লৈছিল যে কোনোবাই এই ভাবুকিটো কৌতুক হিচাপে ইমেইল কৰিছিল। কৰ্ণাটকৰ গৃহমন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ ঘটনাৰ সম্যক তদন্ত কৰা হ’ব।