Daily Time Axom

যুদ্ধবিৰতি শেষ, পুনৰ আৰম্ভ হৈছে গাজাত ইজৰাইলৰ আক্ৰমণ

0 23

ইজৰাইল-হামাছৰ বৰ্ধিত যুদ্ধবিৰতিৰ অন্ত পৰিছে কোনো চুক্তি নোহোৱাকৈ। ইফালে ইজৰাইলে পুনৰ আক্ৰমণ আৰম্ভ কৰিছে বুলি ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে প্ৰকাশ কৰিছে।

বিবৃতিটোত তেওঁলোকে কয় যে ইজৰাইলী বাহিনীয়ে গাজা ষ্ট্ৰিপত হামাছৰ বিৰুদ্ধে যুদ্ধ পুনৰ আৰম্ভ কৰিছে।

ইফালে, বৃহস্পতিবাৰে যুদ্ধবিৰতিৰ সপ্তম দিনা হামাছে আঠজন ইজৰাইলীক মুকলি কৰি দিয়ে। আৰু ইজৰাইল কৰ্তৃপক্ষই ৩০ জন পেলেষ্টাইনীক মুকলি কৰি দিলে।

কেথলিক গীৰ্জাৰ মুৰব্বী আৰু ভেটিকান চহৰৰ পোপ ফ্ৰান্সিছে ইজৰাইলক ফোনেৰে আতংক নকৰিবলৈ আহ্বান জনায়। অক্টোবৰৰ শেষৰ ফালে ইজৰাইলৰ ৰাষ্ট্ৰপতি হাৰ্জ’গৰ সৈতে হোৱা ফোন কলত তেওঁ এই কথা প্ৰকাশ কৰিছিল।

মন কৰিবলগীয়া যে ইজৰাইল সেনাই ৭ অক্টোবৰৰ পৰা গাজা আক্ৰমণ আৰম্ভ কৰিছিল। এই আক্ৰমণত কমেও ১৫ হাজাৰ লোক নিহত হয়।

Leave A Reply

Your email address will not be published.