ঘৰৰ ভিতৰৰ বায়ু বিশুদ্ধ কৰাৰ উপায়

ঘৰৰ ভিতৰৰ প্ৰদূষিত বায়ুৱে শৰীৰত ক্ষতিকাৰক প্ৰভাৱ পেলায়।

‘ক্লিন এয়াৰ ইণ্ডিয়া মুভমেণ্ট’ৰ অংশ আৰ্টেমিছ হস্পিতালৰ এক অধ্যয়নত দেখা গৈছে যে ঘৰৰ ভিতৰৰ অস্বাস্থ্যকৰ পৰিৱেশৰ ফলত বায়ুজনিত ৰোগ হয় ৩১ শতাংশ। ঘৰৰ ভিতৰৰ বায়ু প্ৰদূষণৰ ফলত এলাৰ্জী, হাঁপানী, নাকৰ ৰোগ, ডিষ্ট’নিয়া, জটিল হাওঁফাওঁৰ ৰোগ আদি বিভিন্ন ৰোগ হ’ব পাৰে।

আনহাতে, শেহতীয়াকৈ কৰা এক অধ্যয়নত দেখা গৈছে যে ঘৰৰ ভিতৰৰ আৰু বাহিৰৰ বায়ু প্ৰায় সমানে প্ৰদূষিত হয়। বহুতে ঘৰত ধূলি সোমাব বুলি ভাবি দুৱাৰ-খিৰিকী বন্ধ কৰি ৰাখে। কিন্তু বাহিৰৰ পৰিৱেশ সম্পূৰ্ণ মুকলি হোৱাৰ বাবে তাত থকা বায়ুৰ গুণাগুণ ঘৰৰ ভিতৰৰ তুলনাত প্ৰায়ে ভাল হয়। ঘৰৰ ভিতৰত বন্ধ পৰিৱেশত বাস কৰা কেইবাজনো লোকৰ উশাহ-নিশাহৰ ফলত নিৰ্গত হোৱা কাৰ্বন-ডাই-অক্সাইড, বিভিন্ন গেছ, ধূলিৰ কণাবোৰে ঘৰৰ ভিতৰৰ বায়ুৰ গুণাগুণ হ্ৰাস কৰে।

এনে ক্ষেত্ৰত বীজাণুমুক্ত বায়ু উশাহ ল’বলৈ ঘৰতে এয়াৰ পিউৰিফায়াৰ স্থাপন কৰিব পাৰে। এয়াৰ পিউৰিফায়াৰৰ প্ৰধান কাম হ’ল ঘৰৰ ভিতৰত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ কণা, ক্ষতিকাৰক গেছ আৰু বীজাণু বিশুদ্ধ কৰা। ইয়াৰ সক্ৰিয় কয়লাই এমোনিয়াৰ দৰে দুৰ্গন্ধযুক্ত গেছ আঁতৰাই পেলায়।

তিনিমুখীয়া বায়ু প্ৰবাহ প্ৰযুক্তি থকা পিউৰিফায়াৰসমূহে কম সময়ত আৰামদায়ক পৰিষ্কাৰ বায়ু নিশ্চিত কৰে। উচ্চ শক্তিৰ চেন্সৰৰ বাবে ধূলিৰ কণা আৰু গেছৰ লগতে পি এম ২.৫ মাইক্ৰ’মিটাৰৰ দৰে অতি সৰু কণা ধৰা পেলাবলৈ সক্ষম। ডিজিটেল পিউৰিফায়াৰৰ ডিছপ্লেৰ জৰিয়তেও ঘৰৰ ভিতৰৰ বায়ুৰ গুণাগুণ জনা যায়।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment