Daily Time Axom

আদানী গোচৰঃ চাৰিজন সাংবাদিকৰ সুৰক্ষা বৃদ্ধি

0 33

আদানী গোটৰ বিৰুদ্ধে তদন্তমূলক প্ৰতিবেদন লিখাৰ বাবে গুজৰাট আৰক্ষীয়ে দাখিল কৰা গোচৰত চাৰিজন সাংবাদিকৰ অন্তৱৰ্তীকালীন সুৰক্ষা বৃদ্ধি কৰে উচ্চতম ন্যায়ালয়ে। একে সময়তে উচ্চতম ন্যায়ালয়ৰ দুজন ন্যায়াধীশৰ বিচাৰপীঠে এই সন্দৰ্ভত প্ৰত্যুত্তৰ দিবলৈ গুজৰাট চৰকাৰক এসপ্তাহৰ সময় দিয়ে। এসপ্তাহৰ পিছত পুনৰ শুনানি গ্ৰহণ কৰা হ’ব এই গোচৰৰ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঘনিষ্ঠ ব্যৱসায়ী গৌতম আদানীৰ কোম্পানী সম্পৰ্কে তদন্তমূলক ৱেবছাইট লিখাৰ বাবে গুজৰাট আৰক্ষীয়ে ৰবি নায়াৰ আৰু আনন্দ মংগনালে নামৰ দুজন সাংবাদিকক তলব কৰিছে। সেই গোচৰত ৩ নৱেম্বৰত ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ প্ৰশান্ত কুমাৰ মিশ্ৰৰ বিচাৰপীঠে সাংবাদিক দুজনক অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান কৰে। এই গোচৰত গুজৰাট আৰক্ষীয়ে সাংবাদিক দুজনক গ্ৰেপ্তাৰ কৰিব নোৱাৰে বুলি আদালতে অৱগত কৰে। একে সময়তে আদালতে সাংবাদিক দুজনক তদন্তত সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পিছতে যোৱা ১০ নৱেম্বৰত গুজৰাট আৰক্ষীয়ে দাখিল কৰা আন এক অনুৰূপ গোচৰত ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ প্ৰশান্ত কুমাৰ মিশ্ৰৰ বিচাৰপীঠে ফাইনেন্সিয়েল টাইমছৰ দুজন সাংবাদিকক অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.