Daily Time Axom

মেলেঙত চুক্যাফা দিৱস উদযাপন

0 34

আজি চুক্যাফা দিৱস।স্বৰ্গদেউ চুক্যাফাক অসমবাসীয়ে আজি শ্ৰদ্ধাৰে স্মৰণ কৰিছে।সমগ্ৰ ৰাজ্যৰ লগতে টাই আহোম ছাত্ৰ সন্থা মেলেং আঞ্চলিক সমিতিৰ উদ্যোগত মেলেংস্থিত স্থায়ী কাৰ্যালয়ত আজি চুক্যাফা দিৱস উদযাপন কৰা হৈছে।পুৱা পতাকা উত্তোলন,মৈডাম তৰ্পণ,বন্তি প্ৰজ্বলন আদি কাৰ্যসূচীৰ পাছত আটাছুৰ মেলেং আঞ্চলিক সমিতিৰ উপদেষ্টা ধ্ৰুৱজ্যোতি বৰপাত্ৰগোঁহাইৰ সভাপতিত্বত এখনি মুকলি সভা অনুষ্ঠিত কৰা হয়।উক্ত সভাত আটাছুৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি কুমুদ গগৈ,যোৰহাট জিলা আটাছুৰ প্ৰচাৰ সম্পাদক অংকুৰ চেতীয়া,পূব যোৰহাট প্ৰেছ ক্লাৱৰ সভাপতি ৰাম প্ৰসাদ ফুকন,বিজেপি নেত্ৰী ৰুমী চেতীয়া,যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক প্ৰীতিম জ্যোতি শইকীয়া,টীয়ক আছুৰ প্ৰাঞ্জল বৰাকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। ইপিনে উক্ত সভাৰ পৰাই ৰাজনৈতিক সৰযন্ত্ৰৰ পৰা ওলাই আহি অনতি পলমে টাই আহোম জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ কৰিবলৈ চৰকাৰক আহ্বান জনাই অন্যথা ইয়াৰ প্ৰত্যুত্তৰ অহা ২৪ ৰ লোকসভা নিৰ্বাচনত ৰাইজে দিব বুলি মন্তব্য কৰে উদ্যোক্তাসকলে।

Leave A Reply

Your email address will not be published.