৪ ৰাজ্যত ভোটত অগ্ৰগতি,বিজেপি-৩,কংগ্ৰেছ-১

পঞ্চম ৰাউণ্ডৰ গণনাৰ অন্তত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৩৪ হাজাৰ ৪১৭টা ভোটত অগ্ৰগতি লাভ কৰিছে। এতিয়ালৈকে মুখ্যমন্ত্ৰী চৌহানে লাভ কৰিছে ৪৪ হাজাৰ ৮৩৫ টা ভোট। আনহাতে, কংগ্ৰেছ প্ৰাৰ্থী বিক্ৰম মস্তলে লাভ কৰিছে ১০ হাজাৰ ৪১৮ টা ভোট। আনকি ৰাজস্থানতো চৰ্দাৰপুৰাৰ পৰা আগবাঢ়ি আছে অশোক গেহলট। পাটনতকৈ পিছ পৰি আছে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল। তেলেংগানাত মুখ্যমন্ত্ৰী কেচিআৰ গজৱেলতকৈ আগত আৰু কামাৰেড্ডীতকৈ পিছ পৰি আছে।

Assamese NewsDaily time axomGuwahatiIndiaNew DelhiWorld
Comments (0)
Add Comment