ৰাস উপলক্ষে জুৰীয়াত কণ কণ শিশুসকলৰ দ্বাৰা সুমধুৰ ব্ৰজাৱলী ভাষাত প্ৰদৰ্শন কৰা হ’ল “কংসালয়”

শ্ৰীকৃষ্ণৰ বন্দনাত মুখৰিত ৰাজ্যৰ বিভিন্ন প্ৰান্ত। ৰাসৰ ৰসেৰে ৰসময় হৈছে উজনি–নামনি। খোল, তাল, গীতে-মাতে মায়াময় হৈ পৰিছে সকলোতে ।ৰাসক কেন্দ্ৰ কৰি সৰ্বত্ৰ ৰাইজৰ উলাহ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া উদযাপন হৈছে ৰাস মহোৎসৱ। সমান্তৰালভাৱে জুৰীয়াৰ তেলিয়া বেবেজীয়া গাঁৱবাসীয়ে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱকলৈ আয়োজন কৰিলে শিশুসকলৰ দ্বাৰা “কংসালয় ” । কেইবাজনো সাংস্কৃতিক কৰ্মীৰ পৰিচালনাত প্ৰাণ পাই উঠা “কংসালয় “ভাওনাখনত শিশুসকলে নিখুঁত আৰু স্পষ্টৰূপত ফুটাই তুলিলে বিভিন্ন চৰিত্ৰাৱলী৷

খোল-তালৰ মধুৰ শব্দ, ব্ৰজাৱলী ভাষাৰ সুমধুৰ কাব্যিক বচন, বিলাপ, পয়াৰ, স্তুতি, লেচেৰী, মুক্তাৱলী আদিৰ সংমিশ্ৰিত শব্দই এক নান্দনিক পৰিবেশৰ সুচনা কৰি তোলা পৰিলক্ষিত হয়৷

AssamAssamese NewsDaily time axomIndiaInternational
Comments (0)
Add Comment