Daily Time Axom

টীয়কত ভিক্টৰী মাৰ্চিয়েল আৰ্ট একাডেমীৰ বেল্ট প্ৰদান পৰীক্ষা অনুষ্ঠিত

0 56

ভিক্টৰী মাৰ্চিয়েল আৰ্ট একাডেমী টীয়কৰ উদ্যোগত আজি কালাৰ বেল্ট পৰীক্ষা অনুষ্ঠিত হয়।একাডেমীৰ প্ৰশিক্ষক পাৰ্থ হাজৰিকাৰ তত্বাবধানত অনুষ্ঠিত এই পৰীক্ষাত মুখ্য প্ৰশিক্ষক হিচাপে আকিয়ান মাৰ্চিয়েল আৰ্ট একাডেমীৰ ষ্টাইল হেড জিতেন বৰা উপস্থিত থাকি একাডেমীৰ প্ৰায় ১৩ গৰাকী প্ৰশিক্ষাৰ্থীক কালাৰ বেল্ট আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।উক্ত অনুষ্ঠানত টীয়ক পৌৰসভাৰ মুখ্য সহায়ক ৰাজেন নেওগ,বিশিষ্ট শিক্ষক গজেন ফুকন,দিপুল শইকীয়া,ৱাৰ্ড আয়ুক্ত দিগন্ত বৰাকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।লগতে টীয়কৰ দৰে সীমিত সা সুবিধা থকা অঞ্চলত এইদৰে প্ৰথমবাৰৰ বাবে কালাৰ বেল্টৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সকলোৱে একাডেমী কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে।ইপিনে এই কাৰ্যসূচীতে প্ৰশিক্ষাৰ্থীসকলে সমৰ কলাৰ বিভিন্ন কলা প্ৰদৰ্শন কৰি উপস্থিত সকলোকে আপ্লুত কৰি তোলে।

Leave A Reply

Your email address will not be published.