বিশ্বৰ আটাইতকৈ দৰিদ্ৰ দেশসমূহৰ তালিকাত মূলতঃ আফ্ৰিকান দেশসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। শীৰ্ষত আছে পূব আফ্ৰিকাৰ দেশ বুৰুণ্ডি। এই তালিকাখন প্ৰতিজন ব্যক্তিৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে, যিয়ে দেশৰ প্ৰতিজন ব্যক্তিৰ গড় আয়ৰ প্ৰতিফলন ঘটায়।
বিশ্ব বেংকৰ তথ্য অনুসৰি বুৰুণ্ডিৰ জনমূৰি জিডিপি মাত্ৰ ২৩৮.৪ মাৰ্কিন ডলাৰ। এই তালিকাৰ দ্বিতীয় স্থানত আছে আফগানিস্তান।
আনহাতে, বিশ্ব বেংকৰ তথ্য অনুসৰি বিশ্বৰ শীৰ্ষ ১০খন ধনী দেশৰ তালিকাত ইউৰোপৰ মনাকোৰ নেতৃত্বত আছে, যাৰ জনমূৰি জিডিপি ২,৩৪,৩১৭.১ মাৰ্কিন ডলাৰ।
বিশ্বৰ ১০খন দৰিদ্ৰ দেশৰ তালিকা:
১. বুৰুণ্ডি – জিডিপি ২৩৮.৪ ডলাৰ
২. আফগানিস্তান – জিডিপি ৩৬৩.৭ ডলাৰ
৩. মধ্য আফ্ৰিকান ৰিপাব্লিক – জিডিপি $427.1
৪. ছিয়েৰা লিয়ন – জিডিপি $461.4
৫. ছোমালিয়া – জিডিপি ৪৬১.৮ ডলাৰ
৬. মাদাগাস্কাৰ – জিডিপি ৫০৫ ডলাৰ
৭. নাইজাৰ – জিডিপি ৫৩৩ ডলাৰ
৮. ছিৰিয়ান আৰব ৰিপাব্লিক – জিডিপি $537.2
৯. মোজাম্বিক – জিডিপি ৫৪১.৫ ডলাৰ
১০. কংগো – জিডিপি ৫৮৬.৫ ডলাৰ
বিশ্বৰ ১০খন ধনী দেশৰ তালিকা:
১. মনাকো – জিডিপি ২ লাখ ৩৪ হাজাৰ ৩১৭.১ ডলাৰ
২. লিচেনষ্টাইন – জিডিপি ১ লাখ ৮৪ হাজাৰ ০৮৩.৩ ডলাৰ
৩. লাক্সেমবাৰ্গ – জিডিপি ১ লাখ ২৬ হাজাৰ ৪২৬.১ ডলাৰ
৪. বাৰ্মুডা – জিডিপি ১ লাখ ১৮ হাজাৰ ৮৪৫.৬ ডলাৰ
৫. নৰৱে – জিডিপি ১ লাখ ৬ হাজাৰ ১৪৮.৮ ডলাৰ
৬. আয়াৰলেণ্ড – জিডিপি ১ লাখ ৪ হাজাৰ ০৩৮.৯ ডলাৰ
৭. চুইজাৰলেণ্ড – জিডিপি ৯২ হাজাৰ ১০১.৫ ডলাৰ
৮. কেমেন দ্বীপপুঞ্জ – জিডিপি ৮৮ হাজাৰ ৪৭৫.৬ ডলাৰ
৯. কাটাৰ – জিডিপি ৮৮ হাজাৰ ৪৬.৩ ডলাৰ
১০. ছিংগাপুৰ – জিডিপি ৮২ হাজাৰ ৮০৭.৬ ডলাৰ