Daily Time Axom

প্ৰশিক্ষণৰ সময়ত বিমান দুৰ্ঘটনা, ২ জন পাইলট নিহত

0 68

বায়ুসেনাৰ প্ৰশিক্ষণ চলি আছিল, তাৰ মাজতে বিমানখনে দুৰ্ঘটনাৰ সন্মুখীন হ’বলগীয়া হয়। এই ঘটনাত ২ জন লোকৰ মৃত্যু হয়। সোমবাৰে পুৱা তেলেংগানাত সংঘটিত হয় এই কৰুণ ঘটনা। জানিব পৰা মতে, হায়দৰাবাদৰ বায়ুসেনা একাডেমীৰ পৰা নিয়মীয়া প্ৰশিক্ষণৰ বাবে উৰণ কৰিছিল বিমানখনে। তেলেংগানাৰ মেডাক জিলাত দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন। দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই, তদন্তৰ নিৰ্দেশ দিয়া হৈছে। জানিব পৰা মতে বিমানখনত দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত দুজন লোক আছিল।এজন প্ৰশিক্ষক পাইলট আৰু এজন প্ৰশিক্ষাৰ্থী পাইলট।ভাৰতীয় বায়ুসেনাৰ পৰা ঘটনাৰ সবিশেষ দি এটা বাৰ্তা এক্স হেণ্ডেলত দিয়া হৈছে।ইয়াত কোৱা হৈছে যে দুয়োজনেই গুৰুতৰভাৱে আহত হয়। কিন্তু শেহতীয়া খবৰ অনুসৰি দুয়োৰে মৃত্যু হৈছে।

Leave A Reply

Your email address will not be published.