Daily Time Axom

মুৰ্ছিদাবাদত দুৰ্ঘটনাগ্ৰস্ত ৰাধিকাপুৰ এক্সপ্ৰেছ, ইঞ্জিনত জুই, ৰে’ল লাইনো ক্ষতিগ্ৰস্ত

0 57

ৰাধিকাপুৰ এক্সপ্ৰেছ ৰে’লখনে দেওবাৰে গভীৰ নিশা কলকাতাৰ পৰা শিলিগুৰিলৈ গৈ থকা অৱস্থাত মুৰ্ছিদাবাদৰ ফৰাকাৰ বল্লালপুৰ দলঙৰ সমীপত এক ভয়াৱহ দুৰ্ঘটনাৰ সন্মুখীন হয়। এই দুৰ্ঘটনাৰ ফলত ৰে’লখনৰ ইঞ্জিনত জুই লাগে। প্ৰায় ৫০০ মিটাৰ ৰে’লপথ ক্ষতিগ্ৰস্ত হয়।
অৱশ্যে কোনো হতাহতিৰ খবৰ হোৱা নাই।
কিন্তু দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা বল্লালপুৰৰ সমীপৰ আপ-ডাউন লাইনত ৰে’লৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। ৰে’লৱেৰ শ্ৰমিকসকলে লাইন মেৰামতিৰ কাম অব্যাহত ৰাখিছে।
দেওবাৰে দিনৰ প্ৰায় ১.৩০ বজাত বল্লালপুৰ দলঙৰ সমীপত ৰাধিকাপুৰ এক্সপ্ৰেছ ৰে’লখনে এক দুৰ্ঘটনা সংঘটিত কৰে। গাঁওবাসীয়ে জনোৱা মতে, দুৰ্ঘটনাৰ পূৰ্বে বালি ভৰ্তি এখন ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই বল্লালপুৰ দলঙৰ পৰা ৰে’লপথৰ ওপৰেৰে বাগৰি পৰে। সেই সময়ত ৰাধিকাপুৰ এক্সপ্ৰেছ ৰে’লখন সেই লাইনেৰে উত্তৰ বংগ অভিমুখে তীব্ৰ বেগেৰে গৈ আছিল। ট্ৰাকখন লাইনত পৰি যোৱাৰ লগে লগে দ্ৰুতবেগী ৰাধিকাপুৰ এক্সপ্ৰেছ গাড়ীখনে হঠাতে ট্ৰাকখনক খুন্দা মাৰি প্ৰায় ৫০০ মিটাৰ আগুৱাই টানি ৰৈ যায়। ইয়াৰ পিছতে ৰে’লৰ ইঞ্জিনত অগ্নিকাণ্ড সংঘটিত হয়।
স্থানীয় ৰাইজে জনোৱা মতে, ৰে’লৰ ইঞ্জিনত জুই লাগি তীব্ৰ শব্দৰে জোকাৰণিৰ ফলত আতংকিত যাত্ৰীসকল ৰে’লৰ পৰা নামিবলৈ সক্ষম হয়। দুৰ্ঘটনাটোত ৰাধিকাপুৰ এক্সপ্ৰেছৰ ইঞ্জিনটোও ৰে’লপথৰ পৰা ওলাই যায়।
যদিও দেওবাৰে নিশা প্ৰায় ১:৩০ বজাত এই দুৰ্ঘটনা সংঘটিত হয় যদিও সোমবাৰে পুৱা ৭:৩০ বজালৈকে ৰে’ল কৰ্মীসকলে লাইন মেৰামতি আৰু ৰে’লখন লাইনৰ পৰা আঁতৰোৱাৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে। ফলত সেই লাইনত ৰে’লৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।
স্থানীয় ৰাইজে জনোৱা মতে, দুৰ্ঘটনাৰ পিছত ৰাধিকাপুৰ এক্সপ্ৰেছৰ যাত্ৰীসকলৰ বাবে ৰে’লৱেই কোনো বিকল্প ৰে’লৰ ব্যৱস্থা কৰা নাই। অৱশ্যে যাত্ৰীসকলে নিজৰ নিজৰ পথেৰে গন্তব্যস্থানলৈ ৰাওনা হয়।

Leave A Reply

Your email address will not be published.