নলবাৰী জিলাৰ অন্তৰ্গত বৰক্ষেত্ৰীৰ দমদমা পথাৰত দুটাকৈ দুৰ্ঘটনা সংঘটিত!

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত দমদমা পথাৰত দুটাকৈ ভয়াবহ পথ দূৰ্ঘটনা সংঘটিত হৈছে। ৰাতিপুৱা ১০বজাত আৰু দিনৰ প্ৰায় ১১.০০ বজাত সংঘটিত হৈছে এই দুৰ্ঘটনাৰ। বৰপেটা দিশৰ পৰা আহি থকা তীব্ৰবেগী Duster গাৰী এখনে বিপৰীত দিশৰ পৰা চাইকেল চলাই আহি থকা লোক এজনক মহতিয়াই নিয়াৰ ফলত গুৰুতৰ ভাৱে আঘাপ্ৰাপ্ত হয় । চহৰ আলী নামৰ চাইকেল আৰোহীজনক একেখন গাৰীৰে মুকালমুৱা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ হৈছেAS 01BL 7292.

আনহাতে এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ ডেৰ ঘণ্টা মান পিছতেই ই ৰিক্সা আৰু ডি আই বাহনৰ মুখামুখি দূৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। এই দূৰ্ঘটনাটোৰ ফলত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।

AssamAssamese NewsDaily time axomIndia
Comments (0)
Add Comment