উত্তৰ গুৱাহাটীৰ কমলদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মাগদৰ্শন অনুষ্ঠান সম্পন্ন

কোনো এটি অঞ্চলৰ শিক্ষাৰ বিস্তাৰে অঞ্চলটিৰ উন্নয়ণ আনে । আজি উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত আউনী আটী কমল দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীয়ে অনুষ্ঠিত কৰা “মাৰ্গ দৰ্শন” নামৰ এক বৌদ্ধিক বিকাশৰ অনুষ্ঠানত ভাগ লৈ ইণ্ডিয়ান বেংকৰ ক্ষেত্ৰীয় উপ মহাপ্ৰবন্ধক সন্দীপ মল্লিকে এইদৰে কয় । ১৬৬ বছৰ গৰকা ৰাজ্যৰ প্ৰাচীনতম বিদ্যালয় খনত ইণ্ডিয়ান বেংকৰ সামাজিক দায়বদ্ধতা আঁচণিৰ অধীনত ডেক্স – বেঞ্চ আৰু টেবুল প্ৰদান কৰি সহায়ৰ আশ্বাস দিয়ে বেংক বিষয়া গৰাকীয়ে । ইণ্ডিয়ান বেংক উত্তৰ পূৱ ক্ষেত্ৰীয় মহা প্ৰবন্ধক চন্দনেশ্বৰ গোস্বামীৰ অনুপস্থিতিত বেংক বিষয়া গৰাকীয়ে শৈক্ষিক বিকাশত ইণ্ডিয়ান বেংকে আগভাগ লৈ আহিছে বুলিও কয় । ইয়াৰ পুৰ্বে মাৰ্গ দৰ্শন অনুষ্ঠানত বন্তি প্ৰজ্বলেনৰে শুভাৰম্ভণি কৰা অনুষ্ঠানত উদ্যোক্তা সকলৰ প্ৰচেষ্টাক শলাগ লয় ইণ্ডিয়ান বেংক উত্তৰ গুৱাহাটীৰ মহাপ্ৰবন্ধক সুনিল দৈমাৰীয়ে । কামৰূপ অতিৰিক্ত আয়ুক্তপ্ৰাণ জীৎ দেৱে শিক্ষানুষ্ঠান চোহদত বৃক্ষ ৰোপনেৰে দিলে পৰিবেশ সুৰক্ষাৰ শপত। শিক্ষাৰ্থী – শিক্ষকৰ গীতে মাতে ওমাল অনুষ্ঠানত আমন্ত্ৰিত সকলক সম্ভাষণ জনায় এ কে ইনিষ্টিউটৰ অধ্যক্ষা চাৰুলতা দেৱীয়ে । সৰ্বতো প্ৰকাৰৰ সহায় সহযোগিতাৰে ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ আভিজাত্য পুণৰ উদ্ধাৰৰ বেটুপাত হওক “মাৰ্গ দৰ্শন” ।

AssamAssamese NewsbollywoodDaily time axomGuwahatiInternationalWorld
Comments (0)
Add Comment