বিলাসীপাৰাৰ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী আৰু চি:আৰ:পি:এফৰ অভিযান

অভিযানত ড্ৰাগছ সহ দুজন যুৱকক আটক ।

বিলাসীপাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু চি,আৰ পি এফৰ E 48 Bn নেতৃত্বত চলে এই অভিযান। অভিযানত পশুৱাৰখালত অভিযান চলাই জব্দ কৰে ৪৯ গ্ৰাম নিষিদ্ধ ড্ৰাগছ। গ্ৰেপ্তাৰ কৰে ড্ৰাগছ মাফিয়া আশ্ৰাফুল আলম আৰু সাহানুৰ আলী। দুয়োৰে ঘৰ নয়াহাটত বুলি জানিব পৰা গৈছে। ড্ৰাগছ মাফিয়া দুয়োৰে পৰা আৰক্ষীয়ে নিষিদ্ধ 49 গ্ৰাম ড্ৰাগছৰ লগতে কেইবাটাও কন্টেইনাৰ, এখন মটৰ চাইকেল জব্দ কৰে। উল্লেখ্য যে,- দীৰ্ঘ দিনৰ পৰাই অঞ্চলটোত নিষিদ্ধ ড্ৰাগছ ব্যবসায় কৰি আহিছে ।

ঘটনা স্থলীৰ পৰা আৰক্ষীক দেখি পলাবলৈ লওতেই আঘাত প্ৰাপ্ত হয় ড্ৰাগছ মাফিয়া জাহানুৰ আলী । অধিক তথ্য উদ্ধাৰৰ বাবে তদন্ত অব্যাহত ৰাখিছে বিলাসীপাৰা আৰক্ষীয়ে।

AssamDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment