সংসদৰ নিৰাপত্তাৰ ওপৰত এতিয়া ডাঙৰ প্ৰশ্ন

২২ বছৰ পূৰ্বে সংসদ আক্ৰমণৰ স্মৃতি পুনৰ ঘূৰি আহিল লোকসভালৈ। লোকসভাৰ গেলেৰীৰ পৰা চেম্বাৰত জপিয়াই পৰে দুই যুৱক। সংসদৰ নিৰাপত্তাক লৈ এটা ডাঙৰ প্ৰশ্নবোধক উত্থাপন হৈছে। লোকসভাত দুই যুৱকে ‘ৰঙীন বোমা’ নিক্ষেপ কৰাৰ চেষ্টা কৰে। দুয়োকে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বুধবাৰে চলি আছিল লোকসভাৰ শীতকালীন অধিৱেশন। হঠাৎ দুজন যুৱকে সভাৰ মাজত জপিয়াই পৰে। লগে লগে সাংসদসকলে আসন এৰি থিয় হয়। দুয়োজনে সভাত হালধীয়া ৰঙৰ গেছৰ দৰে পদাৰ্থ বিয়পাই দিয়ে। যাক ‘ৰঙীন বোমা’ বুলি দাবী কৰা হৈছে। সেই গেছৰ ববে সভাত আতংক বিয়পি পৰিল।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment