ভাৰতৰ সেই স্থানসমূহ হিন্দুৰ হাতত গতাই দিয়কঃ আৰ এছ এছৰ নেতা

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জ্যেষ্ঠ নেতা ইন্দ্ৰেশ কুমাৰে ভাৰতত বসবাস কৰা মুছলমান আৰু অন্যান্য ধৰ্মসমূহক হিন্দুসকলে দাবী কৰা মাটিসমূহ হিন্দুৰ হাতত গতাই দিবলৈ আহ্বান জনাইছে।

তেওঁ কয় যে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে স্পষ্টভাৱে কৈছে যে প্ৰতিটো মছজিদতে শিৱলিংগ বিচাৰি পোৱাৰ কোনো প্ৰয়োজন নাই। কাৰণ, সনাতনধর্মৰ মন্দিৰবোৰ বাহিৰৰ আক্রমণকাৰীয়ে ধ্বংস কৰিছিল বুলি সকলোৱে জানে৷ এই সত্যটো সকলোৱে মানি লোৱা উচিত। গতিকে পাৰস্পৰিক সংঘাতৰ অন্ত পেলাবলৈ হিন্দুসকলে দাবী কৰা ঠাইবোৰ হিন্দুৰ হাতত তুলি দিয়ক।

কুমাৰে ক’লে, ভাগৱতৰ কথা স্পষ্ট। সেইটো মানি ল’লে সমাজৰ পৰা পাৰস্পৰিক সংঘাতৰ অন্ত পৰিব। ঘৃণা আৰু হিংসা নোহোৱা হৈ যাব। গতিকে এই ক্ষেত্ৰত মুছলমান আৰু অন্যান্য ধৰ্মই আগবাঢ়ি অহা উচিত। বিবাদিত ধৰ্মীয় স্থানসমূহো হিন্দুৰ হাতত গতাই দিব লাগে।

আৰ এছ এছৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক এই উগ্ৰ নেতাগৰাকীয়ে কয় যে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে কেৱল দেশতে নহয় সমগ্ৰ বিশ্বতে আনন্দৰ সৃষ্টি হৈছে। কাৰণ ৰাম সকলোৰে বাবে। গতিকে ৰাম মন্দিৰক জাতীয় মন্দিৰ বুলি কোৱা উচিত।

Assamese NewsDaily time axomIndiaInternationalNew Delhi
Comments (0)
Add Comment