শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা সভাকক্ষত অসম আদৰ্শ গাওঁ যোজনাৰ অধীনত ২০২২-২০২৩ বৰ্ষৰ শিৱসাগৰ, থাওৰা, নাজিৰা আৰু আমগুৰি সমষ্টিৰ আঁচনি সমূহ পৰ্যালোচনা কৰা হয়৷ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে অতিৰিক্ত আয়ুক্ত পাৰ্থ প্ৰতিম খনিকৰক সমষ্টি সমূহৰ বিভিন্ন আঁচনিসমূহ জেষ্ঠ পৰিকল্পনা বিষয়াৰ লগত পৰ্যালোচনা কৰি ১২/১২/২০২৩ তাৰিখৰ ভিতৰত জমা দিবলৈ নিৰ্দেশ দিয়াৰ লগতে যি সমূহ আচঁনি সম্পূৰ্ন হোৱা নাই সংশ্লিষ্ট খণ্ড উন্নয়ন বিষয়াক চলিত মাহৰ ভিতৰত আচঁনিসমূহ সম্পূৰ্ণ কৰি ব্যয়ৰ প্ৰমাণ পত্ৰ দিবৰ বাবে নিৰ্দেশ দিয়ে।