Daily Time Axom

আলমগঞ্জ থুৰিয়া পাহাৰ গাঁৱৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰ নিৰুদ্দেশ

0 45

পৰ্বতঝোৰাৰ আলমগঞ্জ থুৰিয়া পাহাৰ গাঁৱৰ এগৰাকী নবম শ্ৰেণীৰ ছাত্ৰ নিৰুদ্দেশ।
কাজিগাও আৰক্ষী থানাত এজাহাৰ দাখিল।

আলমগঞ্জ থুৰিয়া পাহাৰ গাঁৱৰ বছিৰ উদ্দিনৰ পুত্ৰ ৰশিদুল হক যোৱা পাচদিনৰ পৰা নিৰুদ্দেশ হৈ আছে।

যুৱকজন আলমগঞ্জ ডায়নামিক একাডেমী বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ।

ছাত্ৰজন যোৱা শনিবাৰৰ দিনা বিদ্যালয়ৰ পৰা ঘৰত আহে যদিও সন্ধিয়াৰ ভাগত ঘৰৰ পৰা ওলাই যায় আৰু উভতি নাহে।

পৰিয়ালৰ লোকে বিভিন্ন ঠাইত খা-খবৰ লয় যদিও কোনো সুংসূত্ৰ উলিয়াব নোৱাৰে।

জানিব পৰা মতে পৰিয়ালৰলোকে ইতিমধ্যে কাজিগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।

দেশবাসীলৈ পৰিয়ালৰ লোকৰ কাতৰ অনুৰোধ যদি কোনোবাই ল’ৰাজনক দেখা পায় 9707250792 অথবা 9678043764 নম্বৰত যোগাযোগ কৰি খবৰ দিয়ে যেন।

Leave A Reply

Your email address will not be published.