এইবাৰ চোৰক ধৰাৰ কাৰণে বাম্পাৰ অফাৰ এগৰাকী দোকানীৰ

দীৰ্ঘদিনৰ পৰাই গৌৰীপুৰৰ আলমগঞ্জ বজাৰত চলি আছে চোৰৰ উপদ্ৰৱ।
এখনৰ পিছত আন এখনকৈ দোকানত চলাই গৈছে ছাফাই অভিযান।
দোকানীসকলে গৌৰীপুৰ আৰক্ষী থানাত যদিও এজাহাৰ দাখিল কৰিছে আজিলৈকৈ কিন্তু কোনো এজন চোৰক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।

যোৱা তিনি তাৰিখৰ দিনা আলমগঞ্জ বজাৰত গোলাম ৰব্বানিৰ গেলামাল দোকানত চোৰে চলাইছিল ছাফাই অভিযান।

মাত্ৰ তিনি মিনিটৰ ভিতৰত আনুমানিক ৫০ হেজাৰ টকা লৈ উধাও হয় দুৰ্দান্ত চোৰটো।

চুৰিৰ সমগ্ৰ দৃশ্য বন্ধি হৈছিল চি চি টিভি কেমেৰাত।

জানিব দিয়া মতে দোকানী গৰাকীয়ে তিনি তাৰিখৰ দিনা দুপৰীয়া ১২ বাজি ৫০ মিনিটৰ পোৰ্চাব কৰিবলৈ দোকানৰ বাহিৰত গৈছিল।

সেই সময় খিনিতেই চোৰে চলাইছিল ছাফাই অভিযান।

তৎখনাতেই দোকানী জনে গৌৰিপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আজি লৈকে আৰক্ষীয়ে কোনো চোৰটোৰ সুংসূত্ৰ উলিৱাব পৰা নাই।

সেয়ে আজি দোকানী গৰাকীয়ে চোৰক ধৰাৰ বাবে ঘোষণা কৰিলে বিশেষ অফাৰ।

যিয়ে চোৰটোৰ নাম ঠিকনা সহ চিনাক্ত কৰি দিব পাৰিব তাক দিয়া হ’ব নগদ ১০ হেজাৰ ধন।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment