তিনিচুকীয়া জিলাৰ পেঙেৰীত শিশু সৰবৰাহকাৰীৰ সন্দেহত মহিলাসহ দুজনক আটক ৰাইজৰ

দীৰ্ঘদিন ধৰি অৰুণাচল প্ৰদেশৰ শিশু সৰহবৰাহকাৰী দল এটাই তিনিচুকীয়া জিলাৰ পেঙেৰী অঞ্চলৰ পৰা অভিভাৱকসকলক বিভিন্ন প্ৰলোভন দি শিশু শ্ৰমিক সৰবৰাহ কৰি থকাৰ অভিযোগ ।
শিশু শ্ৰমিক হিচাপে শিশু সকলক অৰুণাচল প্ৰদেশৰ ইটানগৰলৈ নিবলৈ আহিছিল শিশু সৰহবৰাকাৰী দলটোয়ে ।
আজি পুনৰ পেঙেৰীৰ চাহ বাগিচা অঞ্চলত শিশু নিবলৈ অহাৰ সময়ত আটছা আৰু আছা সংগঠনৰ নেতৃত্বই ৰাইজৰ সহযোগত আটক কৰে শিশু সৰহবৰাকাৰীক ।
শিশু সৰহবৰাকাৰী দলটোয়ে ব্যৱহাৰ কৰিছিল অৰুণাচল প্ৰদেশৰ ANTRY HUMAN TRAFIC UNIT লিখা অৰুণাচল আৰক্ষীৰ বাহন ।
আছা আৰু আটছাই জব্দ কৰা বাহনৰ নম্বৰ AR 01 Q 6908
শিশু সৰহবৰাকাৰী বুলি আছা আৰু আটছাই আটক কৰা মহিলা গৰাকী অৰুণাচল প্ৰদেশৰ চাংলাং থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ পত্নী বুলি জানিব পৰা গৈছে । লগতে আন এগৰাকী মহিলাও আছে ।
বাহনৰ চালকগৰাকী চাংলাং থানাৰ এগৰাকী কনিষ্ঠবল বুলি জানিব পাৰা গৈছে ।
ইতিমধ্য শিশু সৰহবৰাকাৰী দলটোয়ে কেইবাগৰাকী শিশুক প্ৰলোভন দি শিশু শ্ৰমিক হিচাপে লৈ গৈছে অৰুণাচল প্ৰদেশত ।
আছা আৰু আটছা শিশু সৰহবৰাকাৰী নিয়া সকলো শিশুক আজিয়েই আনিবলৈ দাবী জনোৱাৰ লগতে শিশু সৰহবৰাকাৰী দলটোৰ বিৰুদ্ধে জিলা প্ৰশাসনক উচিত শাস্তি দিবলৈ দাবী জনাইছে ।

Daily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment