“অভিভাৱক-শিক্ষক-ছাত্ৰ”ৰ ত্ৰিশংকু সম্বন্বয় শিশুৰ সামগ্ৰিক বিকাশৰ মন্ত্ৰ”-প্ৰিয়ংকু নাৰায়ণ বৰুৱা
নলবাৰীৰ সৰিয়হতলীস্থিত শংকৰদেৱ শিশু নিকেতনৰ আজি বিদ্যালয় সপ্তাহৰ মূল সভা আৰু বটা বিতৰণী কাৰ্যসূচী অনুষ্ঠিত হয়। বিদ্যালয়ৰ প্ৰধানআচাৰ্য গৌতম কুমাৰ বৈশ্যৰ তত্বাৱধানত বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক গীতেন বৈশ্যৰ পৰিচালনাত আচাৰ্য -আচাৰ্যা ক্ৰমে ঋত্বিক বাৰ্মা,জেউতি বৰ্মণ,দিপীকা বৰ্মণ,নিভা দেৱী,প্ৰিয়ংকা দেৱী,গীতিকা তালুকদাৰ,গীতাৰাণী বৰুৱা,জোনাকী দাস,ধনদা ৰাজবংশী আদিয়ে সামূহিক প্ৰয়াসেৰে সফলভাৱে বিদ্যালয় সপ্তাহ উদযাপন কৰে।আজিৰ মূল সভাত সভাপতিত্ব কৰে বালভৱন বিদ্যাপীঠ হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰহ্লাদ দাসে। আমন্ত্ৰিত অতিথি আৰু নিৰ্দিষ্ট ব্যক্তিৰূপে উপস্থিত থাকে ক্ৰমে সাংবাদিক প্ৰাঞ্জল শৰ্মা আৰু ৰাজ্যিক বটা প্ৰাপ্ত অৱসৰী শিক্ষক যোগেন তালুকদাৰ। মুখ্য অতিথি ৰূপে উপস্থিত থাকি বিশিষ্ট নিৱন্ধকাৰ-গ্ৰন্থ প্ৰকাশক প্ৰিয়ংকু নাৰায়ণ বৰুৱাই বিদ্যাভাৰতীৰ অন্তৰ্গত শংকৰদেৱ শিশু নিকেতনৰ পঞ্চ শিক্ষা নীতিৰ সন্দৰ্ভত উল্লেখ কৰে।”অভিভাৱক-শিক্ষক-ছাত্ৰ”ৰ ত্ৰিশংকু সম্বন্বয় শিশুৰ সামগ্ৰিক বিকাশৰ মন্ত্ৰ” বুলি ভাষণ প্ৰসংগত বৰুৱাই উল্লেখ কৰে।