Daily Time Axom

বিলাসীপাৰাত বিদ্যালয় পৰিচালনা কমিটি গঠনক লৈ উত্তপ্ত পৰিস্থিতি,ৰাইজক ছত্ৰ ভংগ দিবলৈ আৰক্ষী মোতায়েন

0 40

এখন বিদ্যালয় কমিটীৰ গঠন লৈ উত্তপ্ত পৰিস্থিতিৰ বিলাসীপাৰাত।
এই ঘটনা সংঘটিত হৈছে বিলাসীপাৰা শিক্ষা খণ্ড অন্তৰ্গত ৫৯৮ নং গোৱালেৰ চৰ প্ৰাথমিক বিদ্যালয়ত।

সমগ্ৰ ধুবুৰী জিলাত প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়ৰ পৰিচালনা গঠন প্ৰক্ৰিয়া চলি থকাৰ সময়তে আজি বিলাসীপাৰাৰ এখন বিদ্যালয়ত অনুষ্ঠিত সাধাৰণ সভাত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। বিদ্যালয় পৰিচালনা কমিটি গঠনৰ বাবে উপস্থিত হোৱা পৰ্য্যবেক্ষক আৰু একাংশ শিক্ষক ৰূপী দালালে কমিটি গঠনত চুৰান্ত বৈষম্য আৰু পক্ষপাতমূলক আচৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এগৰাকী শিক্ষকে পৰিকল্পিত ভাবে সদস্য সদস্যা বাছনি কৰাত সহযোগিতা আগবঢ়োৱাক কেন্দ্ৰ কৰি সভাত উপস্থিত ৰাইজে সভাস্থলিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত অৱশেষত আৰক্ষী মোতায়েন কৰিবলগীয়া হয়। ৰাইজৰ অভিযোগ মতে, শিক্ষক বাদশাহ শেখে উক্ত সভাত চূড়ান্ত বৈষম্যমূলক আচৰণ কৰাৰ গুৰুতৰ অভিযোগ তুলি পুনৰ সাধাৰণ সভাৰ দাবী জনাই উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে। যাৰ ফলত ৰাইজে ক্ষুব্ধ হৈ বিভাগীয় কৰ্তৃপক্ষই প্ৰেৰণ কৰা পৰ্য্যবেক্ষক সকলক আগভেটি ধৰি বিভিন্ন শ্লোগান দি বিদ্যালয় চৌহদত উত্তাল পৰিবেশ সৃষ্টি কৰে।

Leave A Reply

Your email address will not be published.