Daily Time Axom

মন্ত্ৰীসকলক কি সকীয়াই দিলে প্ৰধানমন্ত্ৰীয়ে

0 47

সংসদত গেছ আক্ৰমণৰ সন্দৰ্ভত মন্ত্ৰীসকলক সকীয়াই দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাজনীতিত নহয় বিষয়টোৰ ওপৰত গুৰুত্ব দিয়ক। প্ৰধানমন্ত্ৰীয়ে এই বাৰ্তা প্ৰদান কৰে। বুধবাৰে সংসদত আক্ৰমণ চলালে দুজন লোকে। এই ঘটনাক লৈ চিন্তিত হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। বৃহস্পতিবাৰে তেওঁ গোটেই দিনটো এখন সভা অনুষ্ঠিত কৰে। গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতেও এখন বৈঠক অনুষ্ঠিত হয়। সভাত জে পি নাড্ডা, প্ৰহ্লাদ যোশীও উপস্থিত থাকে। প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰীসকলক সকীয়াই দিলে যে এই ঘটনাক সহজভাৱে ল’ব নোৱাৰি। ইয়াক ৰাজনীতিৰ লগত জড়িত কৰিব নোৱাৰি। সাৱধান হওক, ইফালে এই ঘটনাৰ বাবেই বিৰোধীয়ে প্ৰধানমন্ত্ৰীৰ পৰা বিবৃতি দাবী কৰিছে। গৃহমন্ত্ৰীৰ পদত্যাগৰো দাবী উত্থাপন হৈছে। ইতিমধ্যে ইউএপিএ ধাৰাত ৬জন অভিযুক্তৰ বিৰুদ্ধে তদন্ত চলি আছে।

Leave A Reply

Your email address will not be published.