যোৱা ৰাতি মৈৰাবাৰী থানা এলেকাধীন গুনাইবড়ী গাৱত ভূৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰি থাকোতে স্থানীয় যুৱক কেইজনমানৰ সহযোগত মৈৰাবাৰী আৰক্ষীয়ে কৰায়ত্ত কৰে ভূৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰোতা দুজনক।
ইয়াৰে এগৰাকী মহিলা।
মহিলা গৰাকীৰ নাম পূৰবী।আনজনৰ নাম অসীম বৰ্মন।
মৈৰাবাৰী আৰক্ষীয়ে ভূৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰা কাৰ্যত ব্যৱহৃত লেপটপ প্ৰিন্টাৰ জব্দ কৰিছে।
লগতে আৰক্ষীয়ে AS23Q2992 নম্বৰৰ এখন চাৰিচকীয়া বাহনো জব্দ কৰিছে।
আটকাধীন দুজনৰ ঘৰ গুৱাহাটীৰ বুলি জনা গৈছে।
আৰক্ষীয়ে দুয়োজনকে আটক সোধপোচ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
মৈৰাবাৰীৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট ।