✍️বনভোজস্থলী মুকলি কৰে মহকুমাধিপতি আয়ুষী জৈনে
নাজিৰা সীমান্তৱৰ্তী গেলেকী কমলাবাৰী বনভোজস্থলী মূল প্ৰৱেশদ্বাৰখনি মহকুমাধিপতি আয়ুষী জৈনে ফিটা কাটি উদ্বোধন কৰে | বনভোজপ্ৰেমী ৰাইজক কমলাবাৰীলৈ বনভোজৰ বাবে আহিবলৈ আহ্বান জনোৱাৰ লগতে প্লাষ্টিক মুক্ত কমলাবাৰীৰ এক বাস্তৱ ছবিৰ সংকল্প লৈ পৰিৱেশ সংৰক্ষণত সহযোগ আগবঢ়াবলৈ সকলোকে মহকুমাধিপতি গৰাকীয়ে আহ্বান জনায় | উদ্বোধনী অনুষ্ঠানত গেলেকী গাওঁ পঞ্চায়তৰ সভানেত্ৰী বেবী মহান্তি তাছা, বিশিষ্ট কবি তথা অ’এনজিচি বিষয়া ভবানন্দ বড়া, জিজিএছ-২ৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ পাল্লে, জিজিএছ-৩ৰ ভাৰপ্ৰাপ্ত বিষয়া অমৃত সিং, দেওপানী গোহাঁই গাঁৱৰ গাওঁ প্ৰধান তনুজা গগৈ, ন-পাম বাৰুৱতী গাঁৱৰ গাওঁপ্ৰধান সৌৰভ গগৈ, কবি ৰবীন বৰঠাকুৰ, যোৰহাট অনাতাঁৰ কেন্দ্ৰৰ শিল্পী অকণি পাংগিং আদিকে ধৰি বহুকেইজন গণ্যমান্য ব্যক্তি এই অনুষ্ঠানভাগিত উপস্থিত থাকে | ইয়াৰ পাছতে মহকুমাধিপতি গৰাকীৰ লগতে বিশিষ্ট অতিথিসকলে কমলাবাৰী শিশু উদ্যানৰ ডাঙৰীয়া থানত এযোৰ পাটিহাঁহ উচৰ্গা কৰি মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰে | উল্লেখ্য যে, এইবাৰ কমলাবাৰী মদ, গোটখা আদি মাদক দ্ৰব্যৰ উপৰিও এবাৰ ব্যৱহাৰ্য প্লাষ্টিক নিষিদ্ধ কৰা হৈছে |