Daily Time Axom

মৃত্যুদূতত পৰিণত হ’বলৈ ধৰিছে উত্তৰ গুৱাহাটীৰ জিএনআৰচি হাস্পতাল

0 30

পূণৰ বিতৰ্কত উত্তৰ গুৱাহাটীৰ জি,এন,আৰ, চি হাস্পতাল।
কিয় বাৰে বাৰে বিতৰ্কত সোমাই এইখন হাস্পতাল। কিয় ভুল চিকিৎসাৰ বলি হৈ মৃত্যু হবলগীয়া হয় এইখন হাস্পতালত। পূৰ্বৰ দৰে পুনৰ ভুল চিকিৎসাৰ অভিযোগত ৰোগীৰ আত্মীয়ই জবাবদিহি কৰে চিকিৎসালয় কৰ্তৃপক্ষক।
অভিযোগ অনুসৰি বাইহাটা চাৰিআলিৰ ননৰা গাঁৱৰ জোনালী কলিতা নামৰ ২২ বছৰীয়া যুৱতী গৰাকীৰ ভৰিত পূৰ্বে অস্ত্ৰোপচাৰ কৰি সংস্থাপিত কৰা হৈছিল প্লেট।
চিকিৎসালয়খনৰ পৰামৰ্শ অনুসৰি সেই প্লেট দুবছৰৰ পিছত উলিয়াবলৈ পৰিয়ালৰ লোকে ড° সিদ্ধাৰ্থ বৰুৱাৰ অধীনত ভৰ্তি কৰিছিল চিকিৎসালয়খনত।
ভৰ্তিৰ পূৰ্বে সুস্থ শৰীৰে মটৰচাইকেলত বহি চিকিৎসালয়লৈ অহা যুৱতী গৰাকীৰ অস্ত্ৰোপচাৰৰ পিছতে স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে।
অস্ত্ৰোপচাৰৰ পিছতে ক’মা অৱস্থাত ভেণ্টিলেটৰত ৰাখিবলগীয়া হয় যুৱতী গৰাকীক।
পৰিয়ালৰ লোকে স্পষ্টকৈ অভিযোগ কৰে যে মৃত জোনালী কলিতা ভুল চিকিৎসাৰ বলি হৈ মৃত্যু মুখত পৰে। অভিযোগৰ আঙুলি এনাষ্ঠেচিয়া বিভাগৰ চিকিৎসক ড° ৰাহুলৰ বিৰুদ্ধে। কিয়নো এনাষ্ঠেচিয়া প্ৰদানৰ পিছতে সঙ্গা ঘূৰি অহা নাছিল যুৱতী গৰাকীৰ।
এনে অভিযোগৰ বিপৰীতে এনাষ্ঠেচিয়া চিকিৎসক গৰাকীয়ে বৰ্তমানো এই কথাৰ পৰা গা-এৰা দিয়া বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে ৰহস্যজনক ভাৱে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ পৰাও আঁতৰি থাকে চিকিৎসালয়খনৰ জন-সম্পৰ্কৰক্ষী বিষয়া মৃনাল আলী হাজৰিকা সহ চিকিৎসক কৰ্মচাৰী সকল। – পঙ্কজ নাথৰ ৰিপৰ্ট ।

Leave A Reply

Your email address will not be published.