পণবন্দী হত্যাৰ পিছত হামাছৰ সৈতে নতুন চুক্তি কৰিব বিচাৰিছে ইজৰাইলে

শুকুৰবাৰে পেলেষ্টাইন ভূখণ্ডৰ ঘেৰাও কৰা গাজা ষ্ট্ৰিপ গাজা চহৰত ইজৰাইলৰ বাহিনীয়ে তিনিজন পণবন্দীক হত্যা কৰে। ব্যাপক সমালোচনা আৰু প্ৰতিবাদৰ অন্তত ইজৰাইলে হামাছৰ সৈতে এতিয়া নতুন চুক্তি স্বাক্ষৰ কৰিব বিচাৰিছে। ইজৰাইলৰ কৰ্তৃপক্ষই পেলেষ্টাইনৰ সশস্ত্ৰ সংগঠন হামাছৰ পণবন্দীসকলক উদ্ধাৰৰ বাবে পুনৰ আলোচনাৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ সময়তে এই সিদ্ধান্ত লোৱা হৈছে। নতুন চুক্তিৰ বাবে হামাছৰ সৈতে পুনৰ আলোচনা আৰম্ভ কৰা বুলিও কয় বিষয়াসকলে। জনা গৈছে যে ইজৰাইলৰ চোৰাংচোৱা সংস্থাৰ মুৰব্বী ডেভিদ বাৰ্নেয়াই কাটাৰৰ প্ৰধানমন্ত্ৰী শ্বেইখ মহম্মদ বিন আব্দুলৰহমান আল থানীৰ সৈতে সাক্ষাৎ কৰি নতুন চুক্তি কৰে। সভাত নতুন চুক্তিৰ কাম আৰম্ভ হৈছে। নতুন চুক্তিৰ প্ৰক্ৰিয়াটো দীঘলীয়া, কঠিন আৰু জটিল হ’ব। চিআইএৰ মুৰব্বী বিল বাৰ্নছ আৰু ইজিপ্তৰ চোৰাংচোৱা মন্ত্ৰী জেনেৰেল আব্বাছ কামেলকো মোছাদৰ মুৰব্বী আৰু কাটাৰৰ প্ৰধানমন্ত্ৰীৰ মাজত হোৱা বৈঠকৰ বিষয়ে অৱগত কৰা হৈছে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment