বৃহৎ পৰিমাণৰ নিচাজাতীয় কেপচুল, কফচিৰাপ সহ এজনক আটক

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ আৱৰ্ত ভৱনৰ সন্মুখত শনিবাৰে সন্ধিয়া ৫ টা ২০ মিনিটত বৃহৎ পৰিমাণৰ নিচাজাতীয় কেপচুল, নিচাজাতীয় কফচিৰাপ সহ এজন যুৱকক আটক কৰে। জানিব পৰা মতে, মানকাচৰ থানাৰ অন্তৰ্গত কুচনিমাৰা গাঁৱৰ ভেলু মিঞাৰ পুএ ৰাজীব মিঞাই ধুবুৰীৰ পৰা ১০২৯৬ টা এচমা মো পৰোকচভিন কেপচুল, ৪৮ বটল নিচাজাতীয় কফচিৰাপ সহ মানকাচৰ অভিমুখে লৈ যোৱা অৱস্থাত গঢ়কাপ্তানী পথত আৰক্ষীয়ে আটক কৰে। অধিক তথ্য উদঘাটনৰ বাবে আৰক্ষীয়ে যুৱকজনক মাৰাথন জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

AssamAssamese NewsDaily time axomIndiaInternational
Comments (0)
Add Comment