সকলোৱে কম বেছি পৰিমাণে খাদ্যৰ বাবে চিন্তিত হয়। পুষ্টিবিদসকলৰ মতে এটা বিশেষ উপাদান আছে যিটো খাদ্য তালিকাত ৰাখিলে ওজন যাদুৰ দৰে কমাটো খাটাং। কিন্তু সেই বিশেষ উপাদানটো কি? সেইটো হ’ল মেথিগুটি। এই মেথিবিধত নানান অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান থাকে। যাৰ ফলত আমাৰ স্বাস্থ্যৰ বিভিন্ন প্ৰকাৰে উপকাৰ হয়। বিশেষকৈ ওজন কমাবলৈ আপুনি ইয়াক খাদ্যত যোগ কৰিব পাৰে।
মেথি এবিধ ব্যতিক্ৰমী বনৌষধ। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ, ফচফ’লিপিড, গ্লাইকোলিপিড, অলিক এচিড, লিনোলিক এচিড, লিন’লিক এচিড, ক’লিন, ভিটামিন এ, বি ১, বি ২, চি, নিকোটিনিক এচিড, নিয়াচিন আদি বহুতো সক্ৰিয় উপাদান থাকে।
ইয়াৰ আঁহে অতিৰিক্ত কেলৰি গ্ৰহণৰ প্ৰতি শৰীৰৰ প্ৰতিক্ৰিয়াৰ পৰিৱৰ্তন ঘটাব পাৰে।
মেথিত থকা ভিটামিন-চিয়ে শৰীৰক বিষমুক্ত কৰাত সহায় কৰে। শৰীৰৰ অতিৰিক্ত চৰ্বি হ্ৰাস কৰাত সহায় কৰে।
মেথিই শৰীৰৰ বিপাকীয় হাৰ বৃদ্ধি কৰে বুলিও জনা যায়। যিটো ওজন হ্ৰাসৰ বাবে সম্ভাৱ্যভাৱে উপকাৰী।
মেথিত থকা এমিনো এচিডেও তেজৰ চেনি নিয়ন্ত্ৰণ কৰাত সহায় কৰে। শৰীৰৰ সামগ্ৰিক কাৰ্য্যক্ষমতা উন্নত কৰে।
ইয়াক কেনেকৈ খাব লাগে
মেথিৰে ডিটক্স পানী বনাই খাব পাৰে।
ৰাতিপুৱা বনৌষধি চাহ হিচাপে মেথি ব্যৱহাৰ কৰিব পাৰে।
মেথিৰ গুটি ৰন্ধা-বঢ়াত জুতি হিচাপে ব্যৱহাৰ কৰক। আপুনি লাভৱান হ’ব।