এতিয়ালৈকে বিশ্বৰ আটাইতকৈ ডাঙৰ কাৰ্যালয় ভৱনটো আছিল আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ মুখ্য কাৰ্যালয় পেন্টাগন। ১৯৪৩ চনৰ পৰাই আমেৰিকাই এই সন্মান লাভ কৰি আহিছে। কিন্তু এইবাৰ মিছ কৰা হৈছে। ভাৰতত মুকলি হ’বলৈ গৈ আছে বিশ্বৰ সৰ্ববৃহৎ কাৰ্যালয় ভৱন।
গুজৰাটৰ চুৰাটত নিৰ্মাণ কৰা হৈছে এই বিশাল কাৰ্যালয় ভৱনটো। ৩৫.৫৪ একৰ মাটি লৈ খৰচ হৈছিল ৩৪ হাজাৰ কোটি টকা। দেওবাৰে এই ভৱনটো উদ্বোধন কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই ভৱনটোত কি কাম কৰা হ’ব সেয়া ইয়াৰ নামকৰণৰ পৰা স্পষ্ট হৈ পৰে। নতুন কৰ্পৰেট ভৱনটোৰ নাম দিয়া হৈছে ‘সুৰত ডাইমণ্ড বাৰ্ছ’। আন্তঃৰাষ্ট্ৰীয় হীৰা ব্যৱসায় এই ভৱনৰ পৰা হ’ব। যেতিয়া অট্টালিকাটো কাৰ্যক্ষম হ’ব তেতিয়া নিয়োগৰ নতুন দিগন্ত মুকলি হ’ব।
উদ্যোগীসকলে দাবী কৰিছে যে চুৰাট হীৰা বিনিময়ত কমেও ডেৰ লাখ লোকে কাম পাব। পৃথিৱীৰ ১৭৫খন দেশৰ প্ৰায় ৪ হাজাৰ ২০০ ব্যৱসায়ীয়ে একেলগে হীৰা ক্ৰয়-বিক্ৰয় কৰিব পাৰে। যোৱা জুলাই মাহত নৰেন্দ্ৰ মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত চুৰাট ডাইমণ্ড বাৰ্ছৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। সেই পোষ্টটোত উল্লেখ কৰা হৈছিল যে ভাৰতত পেন্টাগনতকৈও ডাঙৰ এটা অফিচ বিল্ডিং মুকলি কৰা হৈছে।
ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে লিখিছে চুৰাটৰ হীৰা উদ্যোগৰ গতিশীলতা আৰু বৃদ্ধিৰ ওপৰত আলোকপাত কৰা হৈছে চুৰাট হীৰা বাৰ্ছে। ই বাণিজ্য, উদ্ভাৱন আৰু সহযোগিতাৰ কেন্দ্ৰ হিচাপে কাম কৰিব, ভাৰতৰ অৰ্থনীতি আৰু অধিক শক্তিশালী কৰিব আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব।