শিৱসাগৰ জিলাৰ হাঁহচৰাৰ মাধ্যমিক শিক্ষাৰ বাটকটীয়া শিক্ষানুষ্ঠান তথা বৰ্তমানৰ হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সমৰোহ অনুষ্ঠান অহা ২৪ ডিচেম্বৰত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে ৷
১৯৪৫ চনত প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনৰ সকলো বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ এইখনেই হ’ব প্ৰথমখন সমৰোহ ৷
প্ৰাক্তন ছাত্ৰ -ছাত্ৰী সমাৰোহৰ প্ৰস্তুতিৰ সন্দৰ্ভত এখন সংবাদ মেলৰ আয়োজন কৰে উদযাপন সমিতিয়ে ৷
প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহত বিদ্যালয়ৰ ৭৮ বছৰীয়া গৌৰৱোজ্বল ইতিহাসক সোঁৱৰি সমাৰোহৰ মূল পতাকাৰ লগতে ৭৮ জন জ্যেষ্ঠ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ৭৮খন পতাকা উত্তোলন কৰা হ’ব৷ তদুপৰি বিদ্যালয়ৰ লগতে হাঁহচৰাৰ ঐতিহ্য ,ইতিহাস,অতীত আৰু বৰ্তমানৰ প্ৰেক্ষাপটক অৱলোকন কৰি এখন তথ্যচিত্ৰ উন্মোচন কৰা হ’ব বুলি সংবাদ মেলত জানিবলৈ দিয়ে উদ্যাপন সমিতিয়ে। আনহাতে উদযাপন সমিতিৰ তৰফৰ পৰা এটা স্থায়ী চাইকেল গেৰেজ নিৰ্মাণ হৈ থকাৰ বিষয়েও জানিবলৈ দিয়ে সংবাদ মেলত৷
এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ মুকলি সভা উদ্বোধন কৰিব বিদ্যালয় সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জ্যোতিপ্ৰসাদ শইকীয়াই ৷ সভাত বিশিষ্ট অতিথি হিচাপে সাংসদ তপন কুমাৰ গগৈ আৰু বিধায়ক অখিল গগৈ উপস্থিত থাকিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে ৷ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু বিশিষ্ট লেখকৰ লেখনিৰে প্ৰকাশ পাব লগা এখন স্মৃতি গ্ৰন্থও মুকলি সভাত উন্মোচন কৰা হ’ব ৷ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা শুভাকাংক্ষী ৰাইজক উক্ত দিনা উপস্থিত থাকি অনুষ্ঠান সফল ৰূপায়নৰ বাবে উদযাপন সমিতিয়ে আহ্বান জনাইছে ৷