Daily Time Axom

শীতকালত এই পাঁচটা ৰোগৰ পৰা সাৱধান হওক

0 53

শীতকালত আৰ্দ্ৰতা আৰু উষ্ণতা কম হোৱাৰ বাবে কেইবাটাও ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায়। এই সময়ত শীতকালীন ৰোগৰ প্ৰতি সচেতন হোৱাৰ সময় আৰু প্ৰতিৰোধমূলক ব্যৱস্থাও অতি প্ৰয়োজনীয়। বিশেষজ্ঞসকলৰ মতে এই সময়ত সাৱধান হ’বলগীয়া কেইটামান কথা হ’ল –

সাধাৰণ চৰ্দি আৰু জ্বৰ
শ্বাস-প্ৰশ্বাসৰ ওপৰৰ অংশত আক্ৰান্ত হোৱা ভাইৰাছৰ সংক্ৰমণ হ’ল সাধাৰণ চৰ্দি। ডিঙিৰ বিষ, কাহ, হাঁচি, নাকৰ পৰা পানী ওলোৱা বা বন্ধ হোৱা আৰু কেতিয়াবা মৃদু জ্বৰ – এইবোৰ লক্ষণ। এই সমস্যাত ভিটামিন চি বেছিকৈ খাব লাগে। লগতে মৌ-তুলসী, আমলখি উপকাৰী।

ইনফ্লুৱেঞ্জা
ইনফ্লুৱেঞ্জা ভাইৰাছৰ ফলত এই ফ্লু হয়। ই এক শ্বাস-প্ৰশ্বাসজনিত ৰোগ যি অতি সংক্ৰামক। সাধাৰণ চৰ্দিৰ বাহিৰেও লক্ষণসমূহ অধিক গুৰুতৰ হ’ব পাৰে। জ্বৰ, ডিঙিৰ বিষ, ভাগৰুৱা, শৰীৰৰ বিষ, কাহ অত্যধিক হ’লে চিকিৎসকৰ পৰামৰ্শ লওক।

ন’ৰ’ভাইৰাছ:
অতি সংক্ৰামক ন’ৰ’ভাইৰাছ গেষ্ট্ৰ’এণ্টেৰাইটিছৰ প্ৰধান কাৰণ। বমি, ডায়েৰিয়া আৰু পেটৰ ক্ৰেম্পৰ পৰা সাৱধান। এই সমস্যাত শিশুৱে অধিক ভোগে।

ব্ৰংকাইটিছ:
দীৰ্ঘদিনীয়া কাহ, বুকুৰ অস্বস্তি আৰু মাজে মাজে জ্বৰ। এয়া এই ৰোগৰ লক্ষণ। বাষ্প লওক, গাৰ্গল কৰক। আৰু নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওক।

নিউমোনিয়া:
বেক্টেৰিয়া, ভাইৰাছ বা ভেঁকুৰৰ দৰে অসংখ্য ৰোগ সৃষ্টিকাৰী জীৱাণুৰ দ্বাৰা নিউমোনিয়া হ’ব পাৰে। যাৰ ফলত হাওঁফাওঁৰ প্ৰদাহ হয়। কাহ, জ্বৰ, বুকুৰ বিষ আদি প্ৰধান লক্ষণ।

কি কৰিব লাগে
মাস্কখন পিন্ধক। ঋতু অনুসৰি ফলমূল আৰু শাক-পাচলি খাব। মুকলি আকাশৰ তলত খোজ কাঢ়িব। টেঙা খাদ্য খাব নালাগে। পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে। হাওঁফাওঁৰ সমস্যা থাকিলে চিকিৎসকৰ পৰামৰ্শ লওক।

Leave A Reply

Your email address will not be published.