আইছিছৰ মডিউলৰ সন্ধানত চাৰিখন ৰাজ্যত অনুসন্ধান আৰম্ভ কৰিছে NIA-এ

আইছিছ মডিউলৰ সন্ধান পুনৰ আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় তদন্ত সংস্থাই। সোমবাৰে পুৱাৰে পৰা চাৰিখন ৰাজ্যৰ ১৯খন জিলাত NIAৰ তালাচী আৰম্ভ হৈছে। কৰ্ণাটকৰ ১১টা স্থানৰ উপৰিও ঝাৰখণ্ডৰ চাৰিটা স্থানত অনুসন্ধান অব্যাহত আছে। তদুপৰি মহাৰাষ্ট্ৰৰ তিনিটা স্থান আৰু দিল্লীৰ এটা স্থানত অনুসন্ধান অব্যাহত আছে।
প্ৰসংগক্ৰমে যোৱা সপ্তাহত NIA-এ আইছিছ মডিউলৰ সন্ধানত মহাৰাষ্ট্ৰৰ ৪০টা স্থানত তালাচী চলাই ১৫জন লোকক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰে এজন আইছিছৰ নেতা বুলি জনা যায়। তালাচী অভিযানত নগদ ধন, অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, একাধিক নথি-পত্ৰ উদ্ধাৰ কৰা হয়।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment