মেক্সিকোৰ হলিডেৰ পাৰ্টিত আক্ৰমণ, ১২ জন লোকৰ মৃত্যু

মধ্য মেক্সিক’ৰ গুয়ানাজুয়াটো প্ৰদেশত হলিডেৰ পাৰ্টিত সশস্ত্ৰ উগ্ৰপন্থী সংগঠনৰ আক্ৰমণত ১২ জন লোক নিহত হৈছে। স্থানীয় সংবাদ মাধ্যমৰ মতে, পুৱাৰ ভাগত ছালভাটিয়েৰা চহৰত প’ছাডা নামৰ পৰম্পৰাগত মেক্সিকান পাৰ্টিত উপস্থিত থকা লোকসকলৰ ওপৰত এটা সশস্ত্ৰ গোটে গুলীচালনা কৰে। বিষয়াসকলে জনোৱা মতে, প’ছাডাত অংশগ্ৰহণ কৰা পাৰ্টিৰ অতিথিসকলৰ ওপৰত এটা সশস্ত্ৰ সংগঠনে গুলীচালনা কৰে। পৰম্পৰাগত মেক্সিকান পাৰ্টিসমূহে বৰদিনৰ আগৰ দিনকেইটাত এনে অনুষ্ঠান অনুষ্ঠিত কৰে। তাত থকা এটৰ্নী জেনেৰেলৰ কাৰ্যালয়ে ছ’চিয়েল মিডিয়া এক্সত প্ৰকাশ কৰিছে যে ১২ জন লোকক হত্যা কৰা হৈছে। অৱশ্যে মৃত লোকজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। গুয়ানাজুয়াটো প্ৰদেশখন অটোমোটিভ আৰু এৰ’নটিক্স উদ্যোগৰ বাবে পৰিচিত। কিন্তু শেহতীয়াকৈ ড্ৰাগছ কাৰ্টেলে ইয়াক মেক্সিকোৰ আটাইতকৈ হিংসাত্মক প্ৰদেশ হিচাপে গঢ়ি তুলিছে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment